নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীত পানী কঢ়িওৱা বাহনত ড্রাগছ সৰবৰাহ

নিয়মীয়া বাৰ্তা, ২৯ এপ্রিলঃ সর্বগ্রাসী ক’ৰোনা ভাইৰাছ ৰোধৰ বাবে চলি থকা লকডাউনৰ মাজতে মহানগৰীত সক্রিয় হৈ পৰিছে ড্রাগছ সৰবৰাহকাৰী চক্র ৷ লকডাউনৰ সময়ছোৱাত বিশেষ কৌশল অৱলম্বন কৰি ড্রাগছ সৰবৰাহকাৰী চক্রই মহানগৰীত ড্রাগছৰ বেহা চলাই থকা পৰিলক্ষিত হৈছে ৷ ক’ৰোনা ভাইৰাছ ৰোধৰ বাবে চলি থকা দীঘলীয়া লকডাউনৰ সময়তে দুষ্ট চক্রই অত্যাৱশ্যকীয় সেৱাৰ সৈতে জৰিয়তে বাহনত লাখ লাখ টকাৰ ড্রাগছ সৰবৰাহ কৰি আহিছে ৷ আৰক্ষীয়ে লকডাউনৰ সময়ছোৱাত মহানগৰীৰ ৰাজপথত চলাচল কৰা অত্যাৱশ্যকীয় সেৱাৰ সৈতে জড়িত বাহনত তালাচী নচলোৱাৰ সুযোগ গ্রহণ কৰি দুষ্ট চক্রই নিতৌ ড্রাগছ সৰবৰাহ কৰি আহিছে ৷ অলপতে মহানগৰীৰ গড়চুক থানাৰ অন্তর্গত পামহিৰ মইনাখুৰুঙৰ পৰা মহানগৰ আৰক্ষীৰ অপৰাধ শাখাই অনুসন্ধান চলাই ৰাজপথত চলাচল কৰিবলৈ প্রশাসনে অনুমতি প্রদান কৰা এখন বাহনৰ পৰা বুজন পৰিমাণৰ ড্রাগ্ছ জব্দ কৰাৰ লগতে তিনিজন ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰে৷ ইয়াৰ পাছতে আজি পুনৰ হাতীগাঁও আৰক্ষীয়ে ভেটাপাৰাৰ পৰা তিনিজন ড্রাগ্ছ সৰবৰাহকাৰীক গ্রেপ্তাৰ কৰাৰ লগতে বুজন পৰিমাণৰ ড্রাগ্ছসহ পানী কঢ়িওৱা এখন বাহন জব্দ কৰে৷ ধৃত ড্রাগ্ছ সৰবৰাহকাৰীকেইজন্ ক্রমে ভঙাগড়ৰ ভাস্কৰ বড়ো (২০), ৰাহুল ৰাহা (২১) আৰু ছিপাঝাৰৰ ৰিয়াজুদ্দিন আহমেদ (২৭) বুলি জানিব পৰা গৈছে৷ আৰক্ষীয়ে ধৃত ড্রাগ্ছ সৰবৰাহকাৰীকেইজন্ পৰা ৬টা ড্রাগ্ছভর্তি কণ্টেইনাৰ আৰু পানী সৰবৰাহ কৰা প্রশাসনৰ অনুমতিপ্রাপ্ত এ এছ–২৫ ই চি–১১৫৭ নম্বৰৰ এখন পানীৰ টেংকাৰ জব্দ কৰে৷ আৰক্ষী সূত্রে জানিব পৰা মতে, ধৃত ড্রাগ্ছ সৰবৰাহকাৰী চক্রটোৱে ড্রাগ্ছখিনি মহানগৰীৰ কোনো ড্রাগ্ছ ব্যৱসায়ীক বিক্রী কৰাৰ বাবে লৈ আহিছিল৷ ভেটাপাৰাত বাহনখন ৰখাই যুৱককেইজনে ম’বাইল ফোনত কথা পাতি থকাৰ সময়তে স্থানীয় লোকৰ সন্দেহ হয়৷ সন্দেহৰ ভিত্তিত স্থানীয় লোকে সমৱেত যুৱক তিনিজনক সোধা–পোছা কৰি আৰক্ষীক খবৰ দিয়ে৷ হাতীগাঁও আৰক্ষীৰ এটা দলে ঘটনাস্থলীত উপস্থিত হৈ যুৱক তিনিজনক বাহন আৰু ড্রাগ্ছসহ গ্রেপ্তাৰ কৰে৷ ঘটনা সন্দর্ভত হাতীগাঁও থানাত ২৩১/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ৷

You might also like