নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতক ১.৫ বিলিয়ন মার্কিন ডলাৰৰ ঋণৰ অনুমোদন এছিয়ান ডেভেলপমেণ্ট বেংকৰ

নিয়মীয়া বাৰ্তা, ২৯ এপ্রিলঃ মহামাৰী ক’ভিড–১৯ৰ বিৰুদ্ধে যুঁজত সহায় কৰিবৰ বাবে ভাৰতক ১.৫ বিলিয়ন মার্কিন ডলাৰৰ ঋণত অনুমোদন জনালে এছিয়ান ডেভেলপমেণ্ট বেংক (এডিবি)–এ৷ এডিবিৰ অধ্যক্ষ মার্ছাট ছুগু আছাকাৱাই প্রকাশ কৰা মতে ক’ভিড–১৯ৰ বাবে ভাৰত চৰকাৰৰ প্রতি অহা অভাৱনীয় প্রত্যাহ্বানৰ প্রতি লক্ষ্য ৰাখি দেশখনক পুঁজিৰ ক্ষেত্রত সহায় কৰাৰ লক্ষ্যৰে ১.৫ বিলিয়ন মার্কিন ডলাৰৰ ঋণ আগবঢ়োৱা হৈছে৷ বেংকটোৱে প্রদান কৰা এই ঋণৰ জৰিয়তে মহামাৰী ভাইৰাছ প্রতিৰোধৰ ক্ষেত্রত প্রয়োজনীয় পদক্ষেপ গ্রহণ কৰিব পাৰিব দেশখনে৷ এই পুঁজিৰে মহামাৰী ভাইৰাছটোৰ নিয়ন্ত্রণৰ বাবে প্রয়োজনীয় চিকিৎসা সামগ্রীৰ উপৰি সামাজিক সুৰক্ষা ৰক্ষাৰ কাৰণে দুখীয়া আৰু আর্থিকভাৱে দুর্বল লোকসকলক সহায় কৰিব পাৰিব৷ উল্লেখ্য যে মহামাৰী ক’ভিড–১৯ৰ যুঁজ আৰম্ভ কৰাৰ সময়তে ভাৰতক বেংকটোৱে পুঁজি প্রদান কৰি সহায় কৰাৰ প্রতিশ্রুতি দিছিল৷ এই মর্মে আজি ক’ভিড–১৯ৰ যুঁজখনত ভাৰতক সহায় কৰাৰ বাবে ঋণৰ অনুমোদন জনোৱা হৈছে৷ শীঘ্রেই বেংকটোৱে এই পুঁজি মুকলি কৰি দিব বুলি অধ্যক্ষ আছাকাৱাই বিবৃতিযোগে প্রকাশ কৰিছে৷ ভাৰত চৰকাৰৰ সৈতে ক’ভিড–১৯ৰ যুঁজক লৈ সমন্বয় ৰক্ষা কৰাৰ সমান্তৰালকৈ আন অংশীদাৰৰ সৈতেও সমন্বয় ৰক্ষা কৰি থাকিব বেংকটোৱে৷ বেংকটোৰ মেনিলাস্থিত মুখ্য কার্যালয়ৰ পৰা প্রকাশিত বিবৃতি মতে ভাৰত চৰকাৰলৈ অনুমোদন জনোৱা ঋণৰ পুঁজিৰে ক’ভিড–১৯ৰ যুঁজত জড়িত সকলো স্বাস্থ্যকর্মীৰ ক্ষেত্রত বীমা সাঙুৰি ল’ব৷ এই পুঁজিৰ প্রায় ৬৫ শতাংশ প্রত্যক্ষভাৱে সামাজিক সাহায্য আৰু দৰিদ্র আৰু আর্থিকভাৱে দুর্বল বিশেষকৈ মহিলাসকলক সহায় কৰাত ব্যৱহাৰ কৰা হ’ব৷ বিবৃতিত ভাৰতে ক’ভিড–১৯ক লৈ বলৱৎ কৰা লকডাউনৰ সময়ত সামাজিক দূৰত্বকে ধৰি বিভিন্ন পদক্ষেপক প্রশংসা কৰে ৷

You might also like