নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সুলভ মূল্যৰ দোকানীৰ অনাদায় ১৩৫ কোটি

দহমাহে পোৱা নাই কমিছনৰ ধনঃ ৫০ লাখ টকাৰ বীমাৰ দাবী

নিয়মীয়া বাৰ্তা, ৩০ এপ্রিলঃ ২০১৫ চনৰ ডিচেম্বৰ মাহৰ পৰা অসমত ৰাষ্ট্রীয় খাদ্য সুৰক্ষা আইনৰ অধীনত ২ কোটি ৫২ লাখ হিতাধিকাৰীক সমগ্র অসমৰ ৩৮,২৩৫গৰাকী সুলভ মূল্যৰ দোকানীয়ে নিষ্ঠাৰে বর্তমানলৈ বিনামূলীয়াকৈ চাউল বিতৰণ কৰি আহিছে ৷ সমগ্র বিশ্বতে ক’ৰোনাৰ সংক্রামকৰ ভয়াৱহতাক লৈ কেন্দ্রীয় চৰকাৰে লকডাউন ঘোষণা কৰাৰ পাছত চলিত এপ্রিল, মে’ আৰু জুন মাহৰ বাবে অতিৰিক্তভাৱে জনমূৰি ৰেচন কার্ডৰ হিতাধিকাৰীক ৫ কিলোকৈ বিনামূলীয়া চাউল যোগানৰ ব্যৱস্থা কৰি জনগণক সকাহ দিয়াৰ প্রচেষ্টাক সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাই আদৰণি জনাইছে৷ কিন্তু মাহেকত দুবাৰ চাউল আৰু কেৰাচিন বিতৰণৰ নামত মাহটোত তিনিবাৰ হিতাধিকাৰীৰ লগত পোনপটীয়াকৈ সঘনে লগ হৈ থাকি এই ক’ৰোনাৰ সংক্রামকৰ বিভীষিকাৰ মাজত সামগ্রী বিতৰণ কৰা সুলভ মূল্যৰ দোকানীসকলৰ বাবে চৰকাৰে কোনোধৰণৰ নিৰাপত্তাৰ কথা চিন্তা নকৰাটো দুর্ভাগ্যজনক বুলি অভিহিত কৰে সন্থাই৷ আনকি চৰকাৰীভাৱে ছেনিটাইজাৰ, মাস্ক আৰু হাতমোজা এযোৰ যোগান ধৰিব নোৱাৰাটো চৰকাৰৰ অমনোযোগিতা৷ স্বাস্থ্য বিভাগ, আৰক্ষী বিভাগৰ দৰে যোগান বিভাগৰ সুলভ মূল্যৰ দোকানীসকলে চাউল বিতৰণ নকৰা হ’লে ৰাজ্যখনত খাদ্যাভাৱত আইন–শৃংখলা পৰিস্থিতি বিঘ্ণিত হ’লহেঁতেন৷ আজিও সুলভ মূল্যৰ দোকানীসকলক১০ মাহৰ প্রায় ১৩৫ কোটি ৬২ লাখ টকা প্রাপ্য কমিছন চৰকাৰে আদায় দিয়া নাই৷ ফলত দোকানীসকল আর্থিক সংকটৰ সন্মুখীন হৈ পৰিছে৷ সুযোগসন্ধানী সমবায় সমিতিবোৰেNet weight (সঠিক ওজন) চাউল দোকানীসকলক নিদিয়াৰ বাবে বহু দোকানীয়ে অনিচ্ছা সত্ত্বেও কেতিয়াবা গ্রাহকক চাউল কমকৈ বিতৰণ কৰি নিলম্বন হোৱা আমাৰ দৃষ্টিগোচৰ হৈছে ৷ চৰকাৰে ইয়াৰ তদন্ত কৰি সমবায় সমিতিসমূহক নিয়ন্ত্রণ নকৰালৈ এনে বেমাৰ ৰাজ্যখনত চলি থাকিব ৷ চৰকাৰে ক’ৰোনা আক্রান্ত ৰাজ্যখনত সামগ্রী বিতৰণ কৰা সুলভ মূল্যৰ দোকানী পৰিয়ালৰ নিৰাপত্তাৰ খাতিৰত অন্যান্য বিভাগৰ কর্মচাৰীৰ দৰে সুলভ মূল্যৰ দোকানীসকলৰ বাবেও ৫০ লাখ টকাৰ জীৱন বীমাৰ কথা মুখমন্ত্রীয়ে ঘোষণা কৰি দোকানীসকলৰ পৰিয়ালক মানসিক উৎসাহ যোগাবলৈ বিনম্রতাৰে আহ্বান জনাইছে সদৌ অসম সুলভ মূল্যৰ ব্যৱসায়ী সন্থাৰ সভাপতি ধৰণীধৰ বৰা আৰু মুখপাত্র গুঞ্জন কুমাৰ বড়াই ৷

You might also like