নিয়মীয়া বার্তা, ৩০ এপ্রিলঃ গুৱাহাটী পৌৰ নিগমে ইয়াৰ অধীনস্থ অঞ্চলসমূহত বিজ্ঞাপন ফলকসমূহৰ বিৰুদ্ধে উচ্ছেদ অভিযান আৰম্ভ কৰিছে ৷ ইতিমধ্যে মহানগৰীৰ পাঁচটা স্থানত বিভিন্ন বিজ্ঞাপন প্রতিষ্ঠানে স্থাপন কৰা ৫খন বৃহৎ বিজ্ঞাপন ফলক আৰু ৯৬৬খন অস্থায়ী বেনাৰ পৌৰ নিগমে উচ্ছেদ কৰিছে ৷ এই প্রতিষ্ঠানসমূহে বিজ্ঞাপন ফলক–বেনাৰ আদি স্থাপনৰ বাবে জি এম চিক প্রদান কৰিব লগা কৰ আদায় নিদিয়া বাবে গুৱাহাটী পৌৰ নিগম কর্তৃপক্ষই বিজ্ঞাপন প্রতিষ্ঠানসমূহৰ বিৰুদ্ধে এই ব্যৱস্থা গ্রহণ কৰিবলৈ বাধ্য হৈছে ৷ এতিয়ালৈকে কৰ আদায় নিদিয়া বিজ্ঞাপন প্রতিষ্ঠানসমূহক অহা ৫ দিনৰ ভিতৰত নির্ধাৰিত কৰ আদায় দিবলৈ আহ্বান জনোৱা হৈছে, অন্যথা এই প্রতিষ্ঠানসমূহৰ বিৰুদ্ধে পৰৱর্তী পর্যায়ত জি এম চিয়ে ১৯৭১ ধাৰা অনুযায়ী কঠোৰ ব্যৱস্থা গ্রহণ কৰিব বুলি জনাইছে ৷ তদুপৰি কেইবাটাও বিজ্ঞাপন প্রতিষ্ঠানে জি এম চিৰ বিনা অনুমতিত মহানগৰীৰ বিভিন্ন স্থানত বিজ্ঞাপনৰ ফলক, হ’র্ডিং আদি স্থাপন কৰাও পৌৰ নিগমৰ দৃষ্টিগোচৰ হৈছে ৷ সেয়ে এই প্রতিষ্ঠানসমূহক জি এম চিক কৰ আদায় দি এনে বিজ্ঞাপন ফলক লগাব পাৰিব বুলি কর্তৃপক্ষৰ তৰফৰ পৰা জনোৱা হ’ল ৷ বহু সময়ত বিজ্ঞাপন প্রতিষ্ঠানসমূহে কোনো এটা নির্দিষ্ট অনুষ্ঠানৰ সামৰণি পৰাৰ পিছতো মহানগৰীৰ বাট–পথসমূহত বিভিন্ন বিজ্ঞাপন ফলক, বেনাৰ আদি আঁতৰাই নিনিয়াৰ ফলত মহানগৰবাসী বিভিন্ন সমস্যাৰ সন্মুখীন হৈ অহা পৰিলক্ষিত হৈছে ৷