নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিলঃ বলীউদ জগতত শোকৰ ছাঁ পেলাই এদিন পূৰ্বে ইহসংসাৰৰ পৰা মেলানি মাগিছিল জনপ্ৰিয় অভিনেতা ইৰফান খানে আৰু ৬৭ বছৰ বয়সত পুনৰ সকলোকে বাকস্তব্ধ কৰি অজান দেশলৈ গুছি গ’ল বলীউদৰ বাটকটীয়া ঋষি কাপুৰ। দীৰ্ঘদিনে দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ আছিল অভিনেতাজন। ৮০দশকৰ চকলেট বয় হিচাপে খ্যাত ঋষি কাপুৰৰ মৃত্যুৰ বাতৰি বিয়পি পৰাৰ লগে লগে শোকৰ ম্ৰিয়মান হৈ পৰিছে প্ৰতিজন অনুৰাগী।
বলীউদৰ এখন ছবিত একেলগে দেখা হৈছিল ঋষি কাৰপুৰ আৰু ইৰফান খানক। যশস্ৱী পৰিচালক নিখিল আদৱানীয়ে পৰিচালনা কৰা D-Day নামৰ ছবিখনত একেলগে অভিনয় কৰিছিল ঋষি কাপুৰ আৰু ইৰফান খানক। য’ত এজন পাকিস্তানী গেংষ্টাৰ হিচাপে অভিনয় কৰিছিল ঋষি কাপুৰে আনহাতে ইৰফানে খানে অভিনয় কৰিছিল এজন ইন্টেলিজেঞ্চ বিষয়া হিচাপে।
D-Day ছবিখন ইৰফান খান আৰু ঋষি কাপুৰৰ সৰ্বশ্ৰেষ্ঠ ছবিবোৰৰ ভিতৰত এখন। অতি নিষ্ঠাৰে অভিনয় কৰাৰ বাবে দৰ্শকৰ ভূয়সী প্ৰশংসা বুটলিবলৈ সক্ষম হৈছিল দুয়োজন অভিনেতা।