নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সংস্পৰ্শৰ তথ্য শূন্যঃ কিদৰে আক্ৰান্ত হ’ল বঙাইগাঁৱৰ চাৰিজন ক’ৰোনা আক্ৰান্ত

নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিলঃ বৃহস্পতিবাৰে বঙাইগাঁৱত পুনৰ চাৰিজন ক’ভিড-১৯ পজিটিভ ৰোগীৰ তথ্য পোহৰলৈ আহে । এই চাৰিওজন ৰোগী সন্দৰ্ভত বৰ্তমানলৈকে সংস্পৰ্শলৈ অহাৰ কোনো তথ্য লাভ কৰা নাই বুলি উল্লেখ কৰে মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই । ক’ভিড আক্ৰান্ত কোনো লোক অথবা বাহিৰৰ পৰা অহা কোনো লোকৰ সংস্পৰ্শলৈ অহা নাছিল এই চাৰিওজন লোক ।

আজি পোহৰলৈ অহা বঙাইগাঁৱৰ চাৰিজন ৰোগী হৈছে অনুপম ঠাকুৰীয়া ( চাপৰাকাটা), দীপক মল্লিক (অভয়াপুৰী আমগুৰি দ্বিতীয় খণ্ড), ববিতা বাচফৰ ( হাস্পতাল কলনী) মীনা বিশ্বকৰ্মা (ৰে’লৱে কলনী) । বৃহস্পতিবাৰে স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই বঙাইগাঁও জিলালৈ যোৱাৰ সময়তে পোহৰলৈ আহে ক’ভিড-১৯ পজিটিভ ধৰা পৰাৰ এই তথ্য ।

মন্ত্ৰী গৰাকীয়ে বঙাইগাঁৱত সংবাদমাধ্যমক সম্বোধন কৰি বঙাইগাঁও জিলাৰ বাবে এক জটিল ক্ষণ বুলি উল্লেখ কৰে । জনস্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি অচিৰেই তিনিকিলোমিটাৰ ব্যাসাৰ্ধত কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হ’ব বুলিও কয় মন্ত্ৰীগৰাকীয়ে । উল্লেখ্য যে, ববিতা বাচফৰৰ ক্ষেত্ৰত হাস্পতাললৈ যিহেতু জামালুদ্দিন আহিছিল তেনে পৰিপ্ৰেক্ষিতত ক’ভিড-১৯ পজিটিভ স্বাভাৱিক হ’লেও বাকী তিনিজনৰ ক্ষেত্ৰত বৰ্তমানলৈকে কোনো লোকৰ সংস্পৰ্শলৈ অহাৰ তথ্য লাভ কৰা নাই স্বাস্থ্যবিভাগে ।

You might also like