নিয়মীয়া বাৰ্তা, ৩০ এপ্ৰিলঃ সমগ্ৰ বিশ্বজুৰি ত্ৰাৰ সৃষ্টি কৰা ক’ৰোনা সংকটৰ মাজতে আহিছে এক ভাল খবৰ । ভাৰতত ক্ৰমাৎ এই মহামাৰীৰ পৰা আৰোগ্য লাভ কৰা লোকৰ হাৰ বৃদ্ধি পাইছে । স্বাস্থ্য মন্ত্ৰণালয়ৰ যুটীয়া সচিব লৱ আগৰৱালাই আজি জনোৱা মতে, শেহতীয়াকৈ ভাৰতত ক’ৰোনাত সুস্থ হৈ উঠা লোকৰ সংখ্যা ২৫.১৯ শতাংশলৈ বৃদ্ধি পাইছে ।
ইপিনে তেওঁ জনোৱা অনুসৰি, দুটা সপ্তাহৰ পূৰ্বে দেশত সুস্থ হৈ উঠা লোকৰ সংখ্যা আছিল ১৩.০৬ শতাংশ ।
উল্লেখ্য যে, ভাৰতবৰ্ষত বৰ্তমানলৈকে ৩৩,০৫০ গৰাকী লোক আক্ৰান্ত হোৱাৰ লগতে মৃত্যু হৈছে ১,০৭৯ গৰাকী লোক । ইয়াৰ বিপৰীতে ভাৰতবৰ্ষত সুস্থ হৈ উঠিছে ৮,৪৩৭ গৰাকী লোক ।
Recovery rate of #COVID19 cases stands at 25.19% which was 13.06% 14 days ago. Fatality rate is 3.2%. Comorbidities was found in COVID-19 patients in 78% of the deaths. Doubling rate of the cases has now increased to 11 days: Lav Agrawal, Joint Secy, Health Ministry https://t.co/X5WKTS5YCH
— ANI (@ANI) April 30, 2020