নিয়মীয়া বাৰ্তা, ১ মেঃ মৃত্যুদূত ৰূপী মহামাৰী ক’ৰোনা ভাইৰাছ নিয়ন্ত্রণ কৰিবৰ বাবে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে লোৱা কার্যব্যৱস্থাৰ প্রতি দেশবাসীৰ সমর্থন বৃদ্ধি পাইছে ৷ আমেৰিকাস্থিত এক নিৰীক্ষণ আৰু গৱেষণা প্রতিষ্ঠান আইএএনএছ–চি ভোটাৰ ক’ভিড–১৯ ট্রেকাৰে চলোৱা সমীক্ষাত প্রকাশ পাইছে যে ক’ৰোনা ভাইৰাছ মহামাৰীৰ বিৰুদ্ধে সন্মুখৰ পৰা যুঁজ দিয়া প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ জনপ্রিয়তা দেশত দিনকদিনে বৃদ্ধি পাইছে ৷ যোৱা ২১ এপ্রিলত মোদীৰ জনপ্রিয়তাৰ হাৰ আছিল ৮৩ শতাংশ ৷ আনহাতে, আইএএনএছ–চি ভোটাৰ ক’ভিড–১৯ ট্রেকাৰৰ মতে ইয়াৰ পূর্বে ৭ জানুৱাৰীত প্রধানমন্ত্রীজনৰ জনপ্রিয়তাৰ হাৰ আছিল ৭৬ শতাংশ৷ কিন্তু যোৱা ২৫ মার্চৰ পৰা ২১ এপ্রিললৈ ভাৰতত প্রধানমন্ত্রীজনৰ জনপ্রিয়তা অভূতপূর্ব ৰূপত বৃদ্ধি পাইছে ৷
উল্লেখ্য যে মার্চৰ প্রথম সপ্তাহত, যিটো সময়ত ভাৰতত লাহে লাহে ক’ভিড–১৯ মহামাৰী সম্প্রসাৰিত হৈছিল, তেতিয়া দেশৰ অর্থনীতিকে ধৰি ৰাজনৈতিক ক্ষেত্রখনত দেখা দিয়া অস্থিৰতাৰ বাবে প্রধানমন্ত্রীজন যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল৷ সেই সময়ত বেংকিং ক্ষেত্রত দেখা দিয়া সংকট, অর্থনৈতিক মন্দাৱস্থা, নাগৰিকত্ব সংশোধনী আইনক কেন্দ্র কৰি নতুন দিল্লীৰ ৰাজপথত হিংসাত্মক প্রতিবাদৰ বাবে প্রধানমন্ত্রীজনৰ ভাবমূর্তি ম্লান হৈছিল৷ কিন্তু ভাৰতত ক’ভিড–১৯ মহামাৰীৰ সংক্রমণ বৃদ্ধি পোৱাৰ পিছত দেশবাসীক সচেতন কৰাৰ লগতে এই ৰোগৰ বিৰুদ্ধে যুঁজৰ ক্ষেত্রত প্রধানমন্ত্রীজনে দেখুওৱা তৎপৰতাই দেশবাসীৰ অন্তৰ চুবলৈ সক্ষম হৈছিল ৷ ক’ৰোনা মহামাৰীৰ চিকিৎসাৰ বাবে প্রয়োজনীয় হাইড্র’ক্সিক্লোৰ’কুইনকে ধৰি আন ২৪বিধ ঔষধ বিভিন্ন দেশলৈ প্রেৰণ কৰাৰ বাবে লোৱা সিদ্ধান্তই দেশবাসীক চুই যায়৷ লকডাউনৰ সময়ত দেশবাসীৰ সমস্যাৰ প্রতি লক্ষ্য ৰাখি বিভিন্ন আঁচনিৰ জৰিয়তে বৃহৎ পৰিমাণৰ ধনৰাশি প্রদানৰ সিদ্ধান্ত লোৱা নৰেন্দ্র মোদীৰ জনপ্রিয়তা বৃদ্ধি পাবলৈ ধৰে৷ যাৰ বাবে ৭ জানুৱাৰীত ৭৬ শতাংশ জনপ্রিয়তা থকা নৰেন্দ্র মোদীক যোৱা ২১ এপ্রিললৈকে ৯৩.৫ শতাংশ দেশবাসীয়ে সমর্থন কৰা বুলি প্রতিবেদন প্রকাশ কৰে আইএএনএছ–চি ভোটাৰ ক’ভিড–১৯ ট্রেকাৰে ৷