ক’ৰোনাৰ সন্দেহত ৪৮ ঘণ্টা মৃতদেহ মর্গত ৰখাৰ অভিযোগ পৰিয়ালৰ
কলকাতাত চিকিৎসাধীন অৱস্থাত ধাৰাপুৰৰ প্রফুল্ল চন্দ্র বৈশ্যৰ মৃত্যু
নিয়মীয়া বাৰ্তা, ১ মেঃ ক’ৰোনা আক্রান্তৰ সন্দেহত পশ্চিমবংগৰ কলকাতাত চিকিৎসালয়ত ভর্তি কৰোৱা গুৱাহাটীৰ ধাৰাপুৰ নতুনবস্তিৰ প্রফুল্ল চন্দ্র বৈশ্য (৫৯) নামৰ লোকজনৰ চিকিৎসাধীন অৱস্থাতে মৃত্যু হোৱাৰ লগতে মৃত্যুৰ ৪৮ ঘণ্টা পাছতহে স্বাস্থ্য পৰীক্ষাৰ ফলাফলত ক’ৰোনা নিগেটিভ ওলোৱা ঘটনাই বৃহত্তৰ অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ প্রাপ্ত তথ্য মতে, ধাৰাপুৰ নতুনবস্তি নিৱাসী প্রফুল্ল চন্দ্র বৈশ্যই কেন্দ্রীয় চৰকাৰৰ হস্ততাঁত মন্ত্রালয়ৰ অধীনত তৃতীয়বর্গৰ কর্মচাৰী হিচাপে কলকাতাৰ শিপিনী সেৱা কেন্দ্রত কর্মৰত আছিল ৷ সেইসূত্রে তেওঁ কলকাতাৰ বেলিয়াঘাট অঞ্চলত ভাৰাতীয়া হিচাপে বাস কৰিছিল ৷ যোৱা ২৭ এপ্রিলত বৈশ্য অসুস্থ হৈ পৰাত ভাৰাঘৰৰ মালিকে ওচৰৰে চিকিৎসালয়লৈ নিয়ে যদিও চিকিৎসকে ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ সন্দেহত কলকাতাৰ টালিগঞ্জত থকা এম আৰ বাংপুৰ চৰকাৰী হাস্পতাললৈ প্রেৰণ কৰে ৷ চিকিৎসালয়খনত আন কেইবাজনো ক’ৰোনাত আক্রান্তৰ সন্দেহত ৰোগীৰ দৰে ২৮ এপ্রিলৰ পুৱা বৈশ্যৰ পৰা চিকিৎসকে নমুনা সংগ্রহ কৰি পৰীক্ষাৰ বাবে নিয়ে ৷ কিন্তু ২৮ এপ্রিলৰ সন্ধিয়া চিকিৎসাধীন অৱস্থাতে প্রফুল্ল চন্দ্র বৈশ্যৰ মৃত্যু হয় ৷
ইফালে, ভাৰাঘৰৰ মালিকে আৰম্ভণিৰ পৰা মৃত্যুলৈকে বৈশ্যৰ পৰিয়ালক সবিশেষ ফোনযোগে অৱগত কৰি আছিল ৷ কিন্তু বিমান, ৰে’ল তথা আন্তঃৰাজ্যিক যাতায়াত বন্ধ থকা বাবে পৰিয়ালৰ কোনো লোক কলকাতালৈ যাব পৰা নাছিল ৷ ২৮ এপ্রিলত মৃত্যু হ’লেও পৰীক্ষাৰ ফলাফল নহা বাবে আইচিএমআৰৰ বিধি অনুসৰি মৃতদেহটো মর্গত নির্দিষ্ট নিয়ম অনুসৰি ৰাখি থোৱা হয় ৷ অৱশেষত ৪৮ ঘণ্টা পাৰ হৈ যোৱাৰ পাছত বৃহস্পতিবাৰে বিয়লি প্রায় তিনি বজাতহে প্রফুল্ল চন্দ্র বৈশ্যৰ তেজৰ নমুনাৰ ফলাফল নিগেটিভ ঘোষণা কৰি তেওঁ ক’ৰোনা আক্রান্ত নহয় বুলি জনায় ৷ ইয়াৰ পাছত বৃহস্পতিবাৰে সন্ধিয়া ভাৰাঘৰৰ মালিক আৰু তেওঁৰ কার্যালয়ৰ সহকর্মীসকলে কলকাতাৰ কালীঘাট শ্মশানত পৰম্পৰাগত ৰীতি–নীতিৰে প্রফুল্ল চন্দ্র বৈশ্যৰ শেষকৃত্য সমাপন কৰে ৷ মৃত্যুৰ সময়ত তেওঁ পত্নী, দুজন পুত্র, দুজন ককায়েক, এজনী বিবাহিত ভনীয়েককে ধৰি বহু আত্মীয়–স্বজন এৰি থৈ যায় ৷ সৰবৰহী বৈশ্যৰ মৃত্যুত বৃহত্তৰ ধাৰাপুৰ অঞ্চলত গভীৰ শোকৰ ছাঁ পৰে ৷