লকডাউনত ৰিলায়েঞ্চৰ লভ্যাংশ হ্ৰাসঃ ১০-৫০ শতাংশ বেতন কমিল উচ্চপদস্থ কৰ্মীৰ
নিয়মীয়া বাৰ্তা, ১ মেঃ ক’ৰোনা ভাইৰাছৰ বাবে সমগ্ৰ বিশ্বত অব্যাহত আছে লকডাউন । লকডাউনৰ বাবে বন্ধ হৈ আছে সকলো যান-বাহন । ফলত স্বাভাৱিকভাৱেই চাহিদা কমিছে যান-বাহনত ব্যৱহৃত ইন্ধনৰ । ইয়াৰ মাজতেই ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজৰ লাভ বহু পৰিমাণে হ্ৰাস পাইছে । পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজৰ ১৫ লক্ষ টকাৰ অধিক বেতন লাভ কৰা কৰ্মীসকলৰ ১০ ৰ পৰা ৫০ শতাংশ বেতন কৰ্তন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজে । ৰিলায়েঞ্চ ইণ্ডাষ্ট্ৰিজৰ প্ৰধান মুকেশ আম্বানিয়ে এই সময়ছোৱাত নিজেও কোনো বেতন গ্ৰহণ নকৰাৰ কথা উল্লেখ কৰিছে ।