নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কিশোৰীক দলবদ্ধ ধর্ষণ, ৩ নাবালকসহ গ্রেপ্তাৰ ৫ অভিযুক্ত

মধ্যপ্রদেশত কিশোৰীক দলবদ্ধ ধর্ষণ

নিয়মীয়া বাৰ্তা, ২মেঃ লকডাউন চলি থকাৰ মাজতে মধ্যপ্রদেশৰ এখন গাঁৱত ১৮ বছৰীয়া কিশোৰীক সাতজনে দলবদ্ধ ধর্ষণৰ ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, ভাতৃৰ স’তে নিজ গাঁৱলৈ উভতি আহি থাকোঁতেই সাতজনীয়া দল এটাই বাট আগচি ধৰে৷ কিশোৰী আৰু ভাতৃয়ে মটৰ চাইকেলখন ৰখোৱাৰ পিছতেই দলটোৱে ভাতৃগৰাকীক ওচৰৰে এটি নাদত পেলাই দিয়ে আৰু কিশোৰীগৰাকীক ধর্ষণ কৰে৷ ক’টৱালী আৰক্ষী থানাৰ ভাৰপ্রাপ্ত বিষয়া ৰাজেন্দ্র ধ্রুৱই প্রকাশ কৰা মতে সাতজনীয়া দলটোৰ পাঁচজনক ইতিমধ্যে আৰক্ষীয়ে গ্রেপ্তাৰ কৰিছে৷ ইয়াৰে তিনিজন নাবালক৷ আনহাতে, দুজন পলাতক হৈ আছে৷ যোৱা ২৯–৩০ এপ্রিলৰ নিশা সাতজনীয়া দলটোৱে কিশোৰী আৰু ভাতৃক প্রথমতে বাইকৰ পৰা নমাই লৈ পিছত ভাতৃক নাদত পেলাই দি পুৱতি নিশা ২ বজাৰ পিছত কিশোৰীক দলবদ্ধ ধর্ষণ কৰে৷ দুর্বৃত্তৰ দলটো পলাই যোৱাৰ পিছত কিশোৰীজনীয়ে ভাতৃক উদ্ধাৰ কৰি গাঁৱলৈ উভতি আহে আৰক্ষীক খবৰ দিয়ে৷

You might also like