লকডাউনত ব্ৰহ্মপুত্ৰত মাছ মৰা অৱস্থাত ধুবুৰীৰ ৫ মাছমৰীয়া আটকক লৈ উত্তৰ গুৱাহাটীত চাঞ্চল্য
নিয়মীয়া বাৰ্তা, ২ মেঃ লকডাউনৰ সময়ত কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰত মাছ মাৰি থকা অৱস্থাত আজি পাঁচজনকৈ ধুবুৰীৰ মাছমৰীয়াক ৰাইজৰ খবৰৰ ভিত্তিত আৰক্ষীয়ে আটক কৰাৰ পিছত অঞ্চলজুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।
ঘটনা অনুসৰি লক ডাউন উলংঘাৰে হাত নাৱেৰে ওজাই আহি উত্তৰ গুৱাহাটী আনন্দ নগৰত বাহৰ পতাৰ পিছত আজি চাৰি দিনৰ অন্তত উত্তৰ গুৱাহাটীত উপস্থিত হৈ ব্ৰহ্মপুত্ৰত মাছ মাৰিছিল এই পাঁচ মাছ মৰীয়াই । উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰ বাসী ৰাইজে অৰেঞ্জ জ’ন ধুবুৰীৰ পৰা অহা মাছমৰীয়া কেইজনৰ উপস্থিতি আৰু মাছ মৰাৰ খবৰ পোৱাৰ পিছতে আতংকিত হৈ পৰে।
ইয়াৰ পিছতে উত্তৰ গুৱাহাটী আৰক্ষীয়েও ঘটনাৰ খবৰ পাই দণ্ডাধীশৰ লগত ঘটনাস্থলীত উপস্থিত হৈ পাঁচ মাছ মৰীয়াক লৈ আৰম্ভ কৰিছে তদন্ত । জানিব পৰা মতে যাদব হালদাৰ আৰু জগত ভৰালী নামৰ মহলদাৰে মইমতালিৰে, লকডাউন নামানি, বৰলুইতত মাছ মৰাৰ বাবে আনিছিল এই পাঁচ মাছমৰীয়াক । কিন্তু স্থানীয় লোকৰ সন্দেহ ক্ৰমে আৰক্ষীক খবৰ দিয়াত ধৰা পৰে এই মাছমৰীয়া কেইজন ।
উল্লেখ্য যে কিছুদিন পূৰ্বে লকডাউন নমনা যাদব হালদাৰৰ মাছমৰীয়াৰ নাও ধুমুহাত বুৰ গৈছিল । আৰক্ষীয়ে সতৰ্ক কৰি দিছিল মহলদাৰ হালদাৰক । কিন্ত আৰক্ষী প্ৰশাসনক অংগুস্থ প্ৰদৰ্শনেৰে যাদব হালদাৰে পুনৰ মাৰিলে মাছ । আজি এই পাঁচ মাছমৰীয়াক আটক কৰাৰ পিছতে ৰাইজে তেওঁলোকৰ স্বাস্থ্যক লৈ যথেষ্ট শংকিত হৈ পৰিছে আৰু প্ৰশাসনক ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ উপৰিও এই মহলদাৰৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দাবী জনাইছে ।