সামাজিক দূৰত্ব মানি বিশেষ চৰ্চাত এখন ইলেক্ট্ৰিক চাইকেল; ছীটৰ মাজৰ দূৰত্ব ১ মিটাৰ
নিয়মীয়া বাৰ্তা, ৩ মেঃ লকডাউনৰ ম্যাদ বৃদ্ধি কৰি সমগ্ৰ বিশ্বতে চলিছে ক’ৰোনা সংক্ৰমণ ৰোধৰ বাবে ব্যাপক তৎপৰতা । ভাৰতত ইতিমধ্য ক’ৰোনা ভাইৰাছক প্ৰতিৰোধৰ বাবে দেশজুৰি চলি থকা লকডাউনৰ সময়সীমা আগন্তুক ১৭ মে’ পৰ্যন্ত বৃদ্ধি কৰা হৈছে ।
ইয়াৰ মাজতে শেহতীয়াকৈ দেশত চলি থকা লকডাউনৰ সময়ত ব্যাপক চৰ্চালৈ আহিছে এখন বিশেষ ইলেক্ট্ৰিক চাইকেল । ত্ৰিপুৰাৰ এজন লোকে নিৰ্মাণ কৰা এই বিশেষ ইলেক্ট্ৰিক চাইকেলখন চৰ্চালৈ অহাৰ কাৰণ জানি আচৰিত হ’ব আপুনি ! কাৰণ এই বিশেষ ইলেক্ট্ৰিক চাইকেলখন সামাজিক দূৰত্ব মানি অৰ্থাৎ এখন আসনৰ পৰা আনখন আসনৰ দূৰত্ব বজাই ৰাখি প্ৰস্তুত কৰা হৈছে ।
ইলেক্ট্ৰিক চাইকেলখন প্ৰস্তুত কৰোতে লোকজনে সামাজিক দূৰত্বক অতি সুক্ষ্মভাৱে মনোযোগ দিছে । লোকজনে সংবাদ মাধ্যমৰ আগত কয়- “লকডাউনৰ সময়ত যদি আপুনি ঘৰৰ পৰা বাহিৰলৈ যাবলগীয়া হয়, তেন্তে কেনেদৰে উলাব ! সেয়া মই এই ইলেক্ট্ৰিক চাইকেলখনৰ মাধ্যমৰে দিব বিচাৰিছোঁ । কাৰণ এই ইলেক্ট্ৰিক চাইকেলখনৰ সন্মুখৰ আসনখনৰ পৰা পাছফালৰ আসনৰ দূৰত্ব প্ৰায় ১ মিটাৰ ।”
উল্লেখ্য যে মাৰাত্মক ক’ভিড-১৯ বা ক’ৰোনা ভাইৰাছ প্ৰতিৰোধৰ বাবে বিশ্ববাসীয়ে ২০২০ চনলৈকে সামাজিক দূৰত্ব বজাই ৰখাটো প্ৰয়োজনীয় হৈ পৰিব বুলি শেহতীয়াকৈ হাভাৰ্ড বিশ্ববিদ্যালয়ৰ এক গৱেষণাৰ এক তথ্য পোহৰলৈ আহিছে। ক’ভিড-১৯ মহামাৰীৰ নতুনকৈ বিস্তাৰ ঘটাৰ ক্ষেত্ৰত প্ৰতিৰোধ কৰিবলৈ হ’লে সামাজিক দূৰত্ব বজাই ৰখাটো প্ৰধান কৰ্তব্য হ’ব পৃথিৱীবাসীৰ। গৱেষকসকলৰ মতে সামাজিক দূৰত্ব মানি চলা নিয়ম শীঘ্ৰে প্ৰত্যাহাৰ কৰিলে এই ভাইৰাছ নতুনকৈ বিস্তাৰ ঘটিব পাৰে বুলিও এই তথ্যত প্ৰকাশ পাইছে।
त्रिपुरा:कोरोना वायरस के बीच त्रिपुरा में एक व्यक्ति ने अनोखी इलेक्ट्रिक बाइक तैयार की है जिसमें सोशल डिस्टेंसिंग का खास ध्यान रखा गया है।उन्होंने कहा,”अगर आपको घर से बाहर निकलना ही है तो आप कैसे निकलें इसका संदेश मैंने इस बाइक से दिया है।इसकी फ्रंट और बैक सीट की दूरी 1मीटर है।” pic.twitter.com/7ZwkwprCVt
— ANI_HindiNews (@AHindinews) May 3, 2020