নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দিহিং–পাটকাই অভয়াৰণ্যত কয়লা খনন

অৰণ্য সুৰক্ষা সমিতিৰ প্রতিক্রিয়া

নিয়মীয়া বাৰ্তা, ৪ মে’ : ৰাষ্ট্রীয় বন্যপ্রাণী পৰিষদে অসমৰ দিহিং–পাটকাই অভয়াৰণ্য এলেকাৰ ভিতৰত কয়লা খনন কৰিব খোজা কার্যক সেউজ সংকেত দিছে ৷ এই বিষয়ে ৰাষ্ট্রীয় সংবাদ মাধ্যমত প্রকাশ পোৱাৰ পাছত অসমৰ বন্যপ্রাণী সংগঠন, পৰিৱেশ কর্মীসকল চিন্তিত হৈ পৰিছে ৷ উল্লেখ্য যে, তিনিচুকীয়া, ডিব্রুগড় আৰু পূর্বৰ শিৱসাগৰ জিলাক চুই থকা এই বর্ষাৰণ্য নামে জনাজাত দিহিং–পাটকাই অভয়াৰণ্যখনে প্রায় ১১১ বর্গকিলোমিটাৰ বিস্তৃত ৷ ২০০৪ চনত অভয়াৰণ্যৰূপে স্বীকৃত এই এলেকা হস্তী সংৰক্ষণ এলেকা হিচাপেও স্বীকৃত ৷ তেনে অৱস্থাত কয়লা খনন আদিৰ দৰে কার্যই ইয়াৰ জৈৱ–বৈচিত্র্যত প্রভাৱ পেলাব৷ ক্ষতিগ্রস্ত হ’ব হাতীকে ধৰি প্রায় ৭০০ প্রজাতিৰ ভিন্ন জীৱ–জন্তু, পক্ষী, সৰীসৃপ, বনবৃক্ষ আদি৷ তেনেক্ষেত্রত প্রকৃতিৰ এক বৃহৎ ক্ষতি কৰি সংৰক্ষিত বনাঞ্চলৰ ভিতৰত কয়লা খনন কৰাৰ অনুমতি দিয়াটো অসাংবিধানিক তথা বিবেচনাহীন কার্য ৷ উল্লেখ্য যে পূর্বতেও (২০১৫ চন) ৰাজ্যিক বন্যপ্রাণী পৰিষদে এই অঞ্চলত কয়লা খননৰ বাবে অনুমোদনৰ বাবে বিবেচনা কৰিছিল যদিও ‘অৰণ্য সুৰক্ষা সমিতি, অসম’কে ধৰি কেতবোৰ সদস্যই ইয়াৰ বিৰোধিতা কৰি আহিছিল ৷ উল্লেখ্য যে ৰাষ্ট্রীয় বন্যপ্রাণী পৰিষদে অনুমোদন জনোৱাৰ আগতে ৰাজ্যিক বন্যপ্রাণী পৰিষদেহে ইয়াক অনুমোদন জনাব লাগে৷ তেনেক্ষেত্রত বর্তমানৰ ৰাজ্যিক বন্যপ্রাণী পৰিষদৰ সদস্যসকলে য’ত প্রকৃতিবিদকে ধৰি আগশাৰীৰ কেইবাটাও প্রকৃতি সংগঠনো সদস্য হৈ আছে আৰু অনুমোদনৰ বাবে প্রতিজন সদস্যৰ সন্মতিৰ প্রয়োজন ৷ তেনে সদস্যসকলে কিয় এনে কার্যৰ বিৰোধিতা কৰা নাই তাক লৈও প্রশ্নৰ উদয় হৈছে ৷ গতিকে এই প্রেছ বিজ্ঞপ্তিৰ দ্বাৰা ‘অৰণ্য সুৰক্ষা সমিতি, অসম’ৰ ফালৰ পৰা অসমৰ বনমন্ত্রী, মুখ্যমন্ত্রীলৈ আহ্বান জনোৱা হয় যে যদিও চৰকাৰে এইপর্যন্ত একো ঘোষণা কৰা নাই, তথাপি কোনো কাৰণতে যাতে দিহিং–পাটকাইৰ দৰে জৈৱ–বৈচিত্র্যৰে ভৰপূৰ বনাঞ্চলত কয়লা খননৰ অনুমতি চৰকাৰে নিদিয়ে তাক নিশ্চিত কৰিব লাগে ৷

You might also like