ছোৱেইব আখতাৰৰ Biopic ত ছলমান খান !
নিয়মীয়া বাৰ্তা ৪ মেঃ পাকিস্তানৰ প্ৰাক্তন বেগী বলাৰ ছোৱেইব আখতাৰে নিজৰ মন্তব্যৰ কাৰেণ সদায় চৰ্চাত থাকে। কেতিয়াবা যদি বীৰেন্দ্ৰ চেহৱাগক যদি আক্ৰমণ কৰে আকৌ কেতিয়াবা ভাৰতীয় ক্ৰিকেট দলৰ প্ৰশিক্ষৰ হবলৈ মন মেলে। কিন্তু এইবাৰে আখতাৰৰ মন বেলেগ। এইবাৰে আখতাৰে মন্তব্য কৰিছে যে যদি তেওঁৰ জীৱনৰ ওপৰত চিনেমা নিৰ্মাণ কৰা হয় তেতিয়া তেওঁৰ ভূমিকাত ছলমান খানে অভিনয় কৰিব। কাৰণ ছলমান খানে আখতাৰৰ ভূমিকাত সুন্দৰ কৈ অভিনয় কৰিব পাৰে বুলি ভাবিছে বিশ্বৰ প্ৰাক্তন ভয়াবহ বলাৰ জনে। ছোৱেইব আখতাৰে নিজৰ ইচ্ছা ব্যক্ত কৰিছে হেল্ল’ এপৰ যোগেদি।
উল্লেখ্য যে ২০০৬ চনত ইমাৰাণ খান অভিনীত ছবি গেংষ্টাৰে দৰ্শকৰ মাজলৈ আহিছিল। ইয়াক গেংষ্টাৰৰ ভূমিকা লৈছিল চাইনী আহুজাই।
গেংষ্টাৰ ছবিখনক লৈ ছলমান খানে মন্তব্য কৰিছিল যে গেংষ্টাৰ ছবিখনত চাইনী আহুজাৰ পৰিৱৰ্তে ছোৱেইব আখতাৰে বেছি ভাল অভিনয় কৰিলেহেঁতেন। কাৰণে তেওঁৰ আচৰণ দেখিয়েই হয়তো ছলমান খানে এই মন্তব্য কৰিছিল।