নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

লকডাউনত সুৰাই কিমান প্ৰভাৱ পেলালে ৰাজ্যসমূহৰ উপাৰ্জনত ? ইয়াত চাওক সকলো হিচাপ

নিয়মীয়া বাৰ্তা ৪ মেঃ ৪ মে’ৰ পৰা সমগ্ৰ দেশতে তৃতীয় পৰ্যায়ৰ লকডাউন আৰম্ভ হৈছে । লকডাউনৰ এই সময়ছোৱাত ৰাজ্যসমূহে সকলো সুৰাৰ দোকান খুলিবলৈ কেন্দ্ৰ চৰকাৰক অনুৰোধ কৰিছিল । কেইবাখনো ৰাজ্যই সুৰাৰ হোম ডেলিভাৰী পৰ্যন্ত দিবলৈও প্ৰস্তুত হৈছিল ।

কিন্তু আপুনি জানি আচৰিত হ’ব যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ লকডাউনৰ সময়ত দেশত সুৰাৰ বিক্ৰীত নিষেধাজ্ঞা আছিল । যাৰ বাবে প্ৰতি দিনে গড়ে প্ৰায় ৭০০ কোটি টকাৰ লোকচানৰ সন্মুখীন হৈছিল ।

অৱশ্যে তৃতীয় পৰ্যায়ৰ লকডাউনত আজিৰে পৰা দেশত সুৰাৰ দোকানসমূহ খোলা হৈছে, যাৰ বাবে দেশত পুনৰ আয় বৃদ্ধিৰ সম্ভাৱণা প্ৰকত হৈছে ।

দৰাচলতে, কেইবাখনো ৰাজ্যত ১৫ ৰ পৰা ৩০ শতাংশ আয় সুৰাৰ পৰায়ে আহে ।

উল্লেখ্য যে সুৰাৰ পৰা ৰাজ্যসমূহে ২০১৯ চনত প্ৰায় ২.৪৮ লাখ কোটি টকা, ২০১৮ চনত ২.১৭ লাখ কোটি টকা, আৰু ২০১৭ চনত ১.৯৯ লাখ কোটি টকাৰ উপাৰ্জন হৈছিল ।

২০১৯ চনৰ তথ্য অনুসৰি সমগ্ৰ দেশত চলা লকডাউনৰ প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ৪০ দিনত ৰাজ্য সমূহে সুৰাৰ পৰা ২৭ হাজাৰ কোটি টকা হেৰুৱায় । ইফালে ১ দিনত ৰাজ্যসমূহে গড়ে ৬৭৯ কোটি টকা লোকচানৰ সন্মুখীন হৈছে ।

You might also like