উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষৰ শিক্ষার্থীৰ বাবে অনলাইন পাঠদান
নিয়মীয়া বাৰ্তা, ৫ মেঃ লকডাউনৰ পৰিপ্রেক্ষিতত ছাত্র–ছাত্রীৰ অসুবিধালৈ লক্ষ্য ৰাখি উচ্চতৰ মাধ্যমিক দ্বিতীয় বর্ষৰ শিক্ষার্থীৰ বাবে অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে অনলাইন পাঠদানৰ ব্যৱস্থা কৰিছে৷
ব্যৱসায় অধ্যয়ন, হিচাপ পৰীক্ষা আৰু অর্থনীতি, ইংৰাজী বিষয়ত এই পদক্ষেপ গ্রহণ কৰিছে৷ এই সম্পর্কত ২৪ এপ্রিলৰ পৰাই অনলাইন পাঠদানৰ ভিডি’ আপলোডৰ কাম আৰম্ভ কৰিছে৷
শিক্ষার্থীসকলে https://YouTube.com/c/EduAid India এপৰ দ্বাৰা এই পাঠ্যক্রম গ্রহণ কৰিব পাৰিব৷ অনলাইন পাঠ্যক্রমৰ সবিশেষ জানিবলৈ ছাত্র–ছাত্রীসকলে 9477194771 এই নম্বৰত হোৱাটছএপ কৰিব পাৰিব৷