ইৰাকত পুনৰ সক্রিয় তিনি হাজাৰ জেহাদী
নিয়মীয়া বাৰ্তা, ৫ মেঃ বিশ্বজুৰি চলি থকা ক’ভিড–১৯ মহামাৰীৰ সংকটৰ সুযোগ গ্রহণ কৰিছে কুখ্যাত জেহাদী সংগঠন ইছলামিক ষ্টেটে৷ শেহতীয়াকৈ কেইবাটাও চোৰাংচোৱা সংস্থাই ছিৰিয়া আৰু ইৰাকত ইছলামিক ষ্টেট অর্থাৎ আইছিছে নতুন ৰূপত মূৰ দাঙি উঠা বুলি ঘোষণা কৰিছে৷
চোৰাংচোৱাৰ তথ্য অনুসৰি, অকল ইৰাকতেই সক্রিয় হৈ আছে তিনি সহস্রাধিক আইছিছ জেহাদী৷ স্মর্তব্য যে যোৱা মাহত ৫০০ বন্দী জেহাদীয়ে ছিৰিয়াৰ কাৰাগাৰৰ পৰা পলায়ন কৰিছিল৷ এই জেহাদীবোৰ পলায়ন কৰাৰ পাছৰে পৰা বৃদ্ধি পাইছে কাৰাগাৰবোৰতো সংঘর্ষৰ ঘটনা৷
শেহতীয়াকৈ ইছলামিক ষ্টেটে বাগদাদৰ সমীপৱর্তী অঞ্চলত সামৰিক ঘাটি নাইবা তৈল খাদৰ ওপৰত আক্রমণ চলাব পাৰে বুলি আশংকা প্রকাশ কৰিছে কেইবাটাও চোৰাংচোৱা সংস্থাই৷ ইফালে যুদ্ধবিধ্বস্ত ছিৰিয়াত সন্ত্রাসবাদী সংগঠনটোৱে অসামৰিক লোকক আক্রমণৰ লক্ষ্য হিচাপে বাছি লোৱাৰ আশংকা আছে৷