নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকাৰ আদালতৰ বিচাৰপতিৰ দায়িত্বত সৰিতা

নিয়মীয়া বাৰ্তা, ৫ মে’ : ভাৰতীয় মূলৰ আমেৰিকান এটর্নী সৰিতা ক’মাটিৰেড্ডী দেশখনৰ আদালতৰ বিচাৰপতি হিচাপে মনোনীত কৰিছে ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ উল্লেখনীয় যে চলিত বর্ষৰ ১২ ফেব্রুৱাৰীতে নিউয়র্কৰ পূব প্রান্তৰ জিলা এখনৰ আদালতৰ বিচাৰপতি হিচাপে ক’মাটিৰেড্ডীক নিযুক্তি দিয়াৰ ইংগিত দিছিল ট্রাম্পে৷

কালি ভাৰতীয় মূলৰ এই মহিলা আইনজ্ঞগৰাকীক নিউয়র্কৰ জিলা আদালতৰ বিচাৰপতি হিচাপে নিযুক্তি দি ট্রাম্পে দেশখনৰ ন্যায়িক ব্যৱস্থাত অধিক ভাৰতীয়ক সুযোগ দিলে৷ স্মর্তব্য যে ক’মাটিৰেড্ডী এগৰাকী অধিবক্তা হোৱাৰ উপৰি কলম্বিয়া আইন বিদ্যালয়ত শিক্ষয়িত্রীৰ দায়িত্বও পালন কৰি আহিছে৷ ইয়াৰ পূর্বে এগৰাকী বিচাৰপতিৰ সহায়িকা হিচাপে নিযুক্ত হৈছিল মহিলাগৰাকী৷ স্মর্তব্য যে জিলা আদালতৰ বিচাৰপতিৰ দায়িত্ব লাভ কৰা ক’মাটিৰেড্ডীয়ে ইতিমধ্যে বিভিন্ন দায়িত্বত দক্ষতাৰ পৰিচয় দিবলৈ সক্ষম হৈছে৷

You might also like