গ্রীন জ’নত লেকাম ছিগা মানুহৰ টিঘিলঘিলনি
নিয়মীয়া বাৰ্তা, ৬ মে’ : ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ স্বার্থত কালিৰে পৰা সমগ্র দেশত আৰম্ভ হৈছে লকডাউনৰ তৃতীয় পর্যায়৷ অহা ১৭ মে’লৈকে বলৱৎ হোৱা এই লকডাউনৰ সময়ছোৱাত ৰেড আৰু অ’ৰেঞ্জ জ’নক বাদ দি গ্রীন জ’নত যথেষ্ট শিথিলতাৰ ব্যৱস্থা কৰিছে কেন্দ্রীয় চৰকাৰে৷ মূলতঃ মাস্ক পৰিধান কৰি সামাজিক দূৰত্ব অক্ষুণ্ণ ৰাখি একে সময়তে অর্থনৈতিক কাম–কাজ চলাই নিয়াৰ স্বার্থতে চৰকাৰে এই পদক্ষেপ গ্রহণ কৰিছে৷ পিছে তৃতীয় পর্যায়ৰ এই লকডাউনৰ সময়ত বিশেষকৈ অসমত দেখা গ’ল বিপৰীত ছবি৷ দ্বিতীয় পর্যায়ৰ লকডাউন উঠি যোৱাৰ লগে লগে গুৱাহাটী মহানগৰীৰ লগতে ৰাজ্যৰ গ্রীন জ’ন হিচাপে চিহ্ণিত প্রতিখন জিলা সদৰকে ধৰি চহৰ অঞ্চলত সৃষ্টি হ’ল বিশাল জনসমুদ্র৷ যোৱা ৪০ দিন সম্পূর্ণৰূপে নিজ গৃহত আবদ্ধ হৈ থাকিবলগীয়া হোৱা বাবেই হওক বা আন কাৰণতেই হওক, সকলো লোক ওলাই আহিল ৰাজপথলৈ৷
দিনৰ ভাগত নিয়ন্ত্রণহীনভাৱে চলিবলৈ আৰম্ভ কৰিলে দোকান–পোহাৰ, বজাৰ–সমাৰ সকলো৷ চাৰিচকীয়া বাহন, দুচকীয়া বাহন, টেক্সি, অটোৰিক্সা, ৰিক্সা সকলো ওলাই আহিল ৰাজপথলৈ৷ অকাৰণত কোনো লোককে এই তৃতীয় পর্যায়ৰ লকডাউনৰ সময়তো ৰাইজক ঘৰৰ পৰা ওলাই নাহিবলৈ চৰকাৰৰ তৰফৰ পৰা কোৱা হৈছে যদিও সেয়া যেন অসমত পদে পদে উলংঘা হৈছে৷ কেন্দ্রীয় চৰকাৰৰ লগতে অসম চৰকাৰেও তৃতীয় পর্যায়ৰ লকডাউনৰ সময়ত মানিবলগীয়া গাইডলাইন প্রকাশ কৰিছে যদিও সেয়া কার্যতঃ ধোঁৱাচাঙত উঠিছে৷
আনহে নালাগে, খোদ গুৱাহাটী মহানগৰীতে উলংঘন হৈছে গাইডলাইন৷ মহানগৰীত জনসাধাৰণৰ সুবিধার্থে এই সময়ছোৱাত মুকলি কৰা চিটীবাছত উঠিবলৈ হেতা–ওপৰা আজিৰ দিনটোতো পৰিলক্ষিত হয়৷ পৰিস্থিতি ইমানেই নিয়ন্ত্রণৰ বাহিৰলৈ যায় যে অসম ৰাজ্যিক পৰিবহণ নিগমৰ অধ্যক্ষ অশোক ভট্টৰায়ে ৰাজপথত নামি পৰিস্থিতি তদাৰক কৰিবলৈ বাধ্য হয়৷ এটা সময়ত চিটীবাছত উঠা যাত্রীৰ নাম–ঠিকনা, ম’বাইল নম্বৰ পঞ্জীয়ন কৰিবলৈ প্রতিখন বাছতে একোখনকৈ যাত্রীৰ পঞ্জীয়ন বহীৰ ব্যৱস্থা কৰিবলৈ বাধ্য হয়৷
আনকি বহু চিটীবাছ আস্থানত যাত্রীসকলে যাতে সামাজিক দূৰত্ব অক্ষুণ্ণ ৰাখে, তাৰ বাবে ৰাজপথত গোল গোল চিহ্ণ অংকন কৰিবলগীয়া পৰিস্থিতিৰো সৃষ্টি হয়৷ সেইদৰে বজাৰসমূহতো গ্রাহকে সামাজিক দূৰত্ব অক্ষুণ্ণ ৰখাৰ নীতি উলংঘা কৰি হেতা–ওপৰা কৰা পৰিলক্ষিত হয়৷ যান–বাহনৰ গেৰেজৰ ক্ষেত্রতো একেই দৃশ্য বিদ্যমান৷ গুৱাহাটীৰ বাহিৰৰ আনবোৰ স্থানতো একেদৰেই চলিছে নিয়ন্ত্রণহীন লকডাউন৷ তৃতীয় পর্যায়ৰ এই লকডাউনৰ সময়ছোৱাত যে দোকান–পোহাৰ, বজাৰ–সমাৰ, অফিচ–কাছাৰী, যান–বাহনৰ চলাচল এটা নির্দিষ্ট নিয়ন্ত্রণৰ অধীনতহে চলাৰ ব্যৱস্থা কৰা হৈছে, সেয়া যেন গৰিষ্ঠসংখ্যক লোকে উপলব্ধি কৰা নাই আৰু সেইবোৰ চাবলৈও যেন কোনো নাই৷ দিনৰ সেই ছবিৰ বিপৰীতে সন্ধিয়াৰ ভাগতহে অনুভৱ কৰা যায় যে দেশৰ লগতে অসমতো লকডাউন অব্যাহত আছে৷ বিয়লি ৫ বজাৰ আগে আগে আৰক্ষীৰ লোক ৰাজপথলৈ আহি দোকান–পোহাৰ, বজাৰ–সমাৰ বন্ধ কৰিবলৈ কঠোৰ নির্দেশ জাৰি কৰে৷ কিন্তু দিনৰ ভাগত লকডাউন উলংঘনৰ দিশৰ প্রতি চকু দিয়া পৰিলক্ষিত নহয়৷ ফলত গুৱাহাটীকে ধৰি সমগ্র অসমত এই সময়ছোৱাত মাছ–মাংসৰ বজাৰকে ধৰি শিথিলতা নথকা বিষয়বোৰো অতি সহজলভ্য হৈ পৰিছে৷ ৰাজধানী দিছপুৰৰ গাতে লাগি থকা গণেশগুৰিতো আজি বিয়লি ৫ বজাৰ আগে আগে আৰক্ষীয়ে মাইকযোগে দোকান–পোহাৰ বন্ধ কৰিবলৈ ঘোষণা কৰাৰ লগতে ৰাইজকো ঘৰলৈ উভতি যাবলৈ আহ্বান জনায়৷ কিয়নো সন্ধিয়া ৬ বজাৰ পৰা পুৱা ৬ বজালৈ সর্বাত্মক ৰূপত তৃতীয় লকডাউনৰ গাইডলাইন অনুসৰি সান্ধ্য আইন বলৱৎ হ’ব৷
এক কথাত ক’ব লাগিলে সর্বাত্মক ৰূপত সান্ধ্য আইন বলৱৎ কৰিয়েই যেন তৃতীয় পর্যায়ৰ লকডাউন সফল কৰাৰ দায়িত্বত নিয়োজিত হৈ আছে আৰক্ষী–প্রশাসন৷ দিনৰ ভাগত যেন গাইডলাইনৰ কিবা উলংঘন হৈছে নেকি, সেয়া চোৱাচিতাৰ দায়িত্ব আৰক্ষী–প্রশাসনৰ নাই৷ এইক্ষেত্রত আৰক্ষী–প্রশাসন কঠোৰ নহ’লে শিথিলতাৰ সুযোগত ক’ভিড–১৯এ অনাগত দিনত ৰাজ্যখনত ভয়ানক পৰিস্থিতি সৃষ্টি কৰিলেও আচৰিত হ’বলগীয়া একো নাথাকিব৷