ৰাজীৱ কমল শইকীয়া
অপ্রতিৰোধ্য অদৃশ্য শত্রু, অণুজীৱ ক’ৰোনাক প্রতিহত কৰিবলৈ গোটেই পৃথিৱী অতিসম্প্রতি তৎপৰ৷ ফেচবুকৰ ৱাট্ছ অপচন ক্লিক কৰি স্ক্রল কৰিলেই দেখিবলৈ পায় সমগ্র গ্রহটোৰ বিভিন্ন কোণৰ ছটফটনি, উদ্বেগ–উৎকণ্ঠা, তৎপৰতা, চিকিৎসা ইত্যাদিৰ দৃশ্য–শ্রব্য খবৰ৷
দেশপ্রধানসকলে নিজৰ ৰাষ্ট্রৰ জনগণক সুৰক্ষাৰ হেতু কৰযোৰে প্রার্থনা জনোৱা ভিডি’বোৰে চকু সেমেকাই তোলে৷
মানুহৰ এনে সহায়কাতৰ–দুৰৱস্ দিনত মোৰ দৰে আপোনালোকৰো (পাঠকসকল) বুকু নিশ্চয় শোকে খুন্দা মাৰি ধৰিছে৷
এনে সন্ধিক্ষণত, আমাৰ মাননীয় স্বাস্থ্যমন্ত্রীগৰাকীয়্ সম্পূর্ণ স্থিতপ্রজ্ঞভাৱে ৰাইজক আশ্বস্ত কৰিব পাৰিছে তেখেতৰ সপ্রতিভ ব্যক্তিত্ব, ৰাতিক দিন কৰা শ্রম তথা কর্মদক্ষতা আন প্রদেশহে নালাগে, ৰাষ্ট্রসমূহেও অনুকৰণ কৰিবলগীয়া৷ নিজৰ ৰাজ্যখনক ক’ৰোনাৰ পৰা বচাবলৈ কি কৰা নাই তেখেতে… স্থায়ী চিকিৎসালয়সমূহক বিদ্যুৎক্ষিপ্রভাৱে সাজু কৰি তোলা, নতুন ব্যৱস্থাপনাৰ কথা নক’লোৱেইবা৷ সৰুসজাইৰ পৰা কমলাবাৰী ঘাটৰ সমীপলৈকে আদি কৰি ৰাজ্যখনৰ ভিন্ন প্রান্তত যিমানবোৰ অস্থায়ী ব্যৱস্থাপনাৰ দিহা কৰাৰ খবৰ টিভি, সামাজিক মাধ্যমত দেখিছোঁ বা ফোনত শুনিছোঁ, সেয়া হয়তো বিশ্বৰ মানচিত্রৰ কোনো প্রদেশতে কৰা হোৱা নাই৷
তাৰ উপৰি বিভিন্ন ঠাইত আবদ্ধ হৈ থকা ৰাজ্যখনৰ বিভিন্ন অঞ্চলৰ ব্যক্তিসকলক নিজৰ ঘৰ পোৱালৈকে যি সুন্দৰ ব্যৱস্থা কৰা হৈছে, সেয়াও শলাগৰ যোগ্য৷
লকডাউনৰ আগতে আন ৰাজ্যত চিকিৎসা কৰিবলৈ গৈ এই সময়ছোৱাত দুর্ভাগ্যজনকভাৱে মৃত্যুক সাবটি লোৱা ব্যক্তিসকলৰ শৱদেহ সেইসমূহ ৰাজ্যৰ চৰকাৰ–প্রশাসনৰ লগত আলোচনা কৰি অসমলৈ অনাৰ তথা পৰিয়ালক মৃতকৰ আত্মাৰ সদ্গতিৰ বাবে কৰিবলগীয়া কর্ম সম্পাদন কৰাৰ সুবিধা কৰাই দিয়া ইত্যাদি শুভকর্ম তেখেতে অতি ব্যস্ততাৰ মাজতে সুচাৰুৰূপে সমাপন কৰিছে৷
ইয়াৰ উপৰি অত্যন্ত ব্যস্ত বিভাগীয় কর্মসূচীৰ মাজতে, যেতিয়াই সুবিধা পাইছে ৰাইজক সজাগ, সচেতন আৰু নির্ভয় কৰি ৰাখিবলৈ কি কৰা নাই তেখেতে৷ অনুপ্রাণমূলক বক্তব্যৰে সকলোকে প্রবলভাৱে আশ্বস্ত কৰি ৰাখিছে৷ মানুহবোৰো ৰৈ থকা হৈছে আজিকালি টিভিৰ সমুখত খাপপিটি, টুইটাৰত, ফেচবুকত দিনটোত এবাৰ হ’লেও তেখেতক চায় অভয় হ’বলৈকে৷ ৰাইজৰ মাজত এতিয়া এনেকুৱাকৈ বিশ্বাসে পোখা মেলিছেগৈ যে আমাৰ বোপাই হিমন্ত বা হিমন্ত দাদা আছে যেতিয়া, আমাৰ কোনো চিন্তা নাই৷ অনায়াসে আমি ক’ভিড–১৯ক পৰাভূত কৰিব পাৰিম৷
অর্থাৎ, অসমীয়া মানুহৰ বাবে সম্প্রতি এই যুঁজাৰু স্বাস্থ্যমন্ত্রীগৰাকীৰ্ নাম বিশ্বাস–সাহসৰো অন্য অভিধা হৈ পৰিছে৷ তেখেতৰ বলিষ্ঠ নেতৃত্বত অসমৰ স্বাস্থ্য বিভাগ তথা সংশ্লিষ্টসকলে এটা সুদৃঢ় টীম হৈ কাম কৰাৰ বাবে নিঃসন্দেহে শক্তি পাইছে৷ বর্তমান ইয়াতকৈ অনুপ্রাণক কিম্বা পজিটিভ ভাইব্রেচনৰ উৎস কি থাকিব পাৰে৷
তথাপি, অভিনৱ শৈলীৰে কাম কৰা সন্মানীয় স্বাস্থ্যমন্ত্রীগৰাকীক্ আমি ব্যক্তিগতভাৱে অনুৰোধ জনাইছোঁ– এই চৰম ব্যস্ততাপূর্ণ সময়ৰ মাজতোঁ, আপুনি পাৰিলে কণমান সময় উলিয়াই, নিজৰ শৰীৰটোকো ক্ষণিকৰ বাবে হ’লেও জিৰণি দিয়া উচিত৷ আমাক ক’ভিড–১৯ৰ পৰা বচাবলৈ কি কৰা নাই আপুনি… পুৱতি নিশা ঘৰ সোমাই, পুৱাই উঠি দিনটো বিভাগীয় কামত অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ঘূৰি, শক্তিশালী সেনাপতিৰ ভূমিকা লৈছে৷ আপুনি প্রতিদিনে নিজক সমর্পণ কৰাইছে, আই অসমীৰ সুমংগলৰ বাবে৷ শ্রীহৰিৰ শ্রীচৰণত প্রার্থনা জনাই আমিও আপোনাৰ মংগল কামনা কৰিলোঁ৷ ভালে থাকক, সুস্থ থাকক৷