নিয়মীয়া বার্তা, ৭ মে’ : ক’ৰোনাৰ আতংকত দেশবাসী আতংকিত হৈ থকাৰ সময়তে হোজাইৰ ভীমৰআলিত সংঘটিত হ’ল এটা জঘন্য ঘটনা ৷ ভয়–ভাবুকিৰে এগৰাকী অসহায় নাবালিকা ছাত্রীক দীর্ঘদিন ধৰি এজন বিবাহিত তথা দুই সন্তানৰ পিতৃয়ে অসৎ কার্য চলাই থকাত নাবালিকাগৰাকী অন্তঃসত্ত্বা হয় ৷ একাংশ মাতব্বৰে এই ঘটনা ভয়–ভাবুকি আৰু ধনৰ বিনিময়ত গাপ দিয়াৰ চেষ্টা কৰিছিল যদিও হোজাই জিলা আইন সেৱা প্রাধিকৰণৰ তৎপৰতাত সমগ্র ঘটনা পোহৰলৈ আহে ৷
জানিব পৰা মতে, হোজাইৰ ভীমৰআলিৰ দুই সন্তানৰ পিতৃ আব্দুৰ ৰহমান নামৰ লোকজনে একে অঞ্চলৰে এগৰাকী বিধৱাৰ ১৫বছৰীয়া ছাত্রীক দীর্ঘদিনৰ পৰা অসৎ কার্য চলাই আহিছিল ৷ যাৰ ফলত নাবালিকাগৰাকী অন্তঃসত্ত্বা হৈ পৰে ৷ পিছত লম্পটটোৱে গর্ভস্থ সন্তান নষ্ট কৰিবলৈ নাবালিকাগৰাকীক ভয়–ভাবুকিৰে লৈ যায় আৰু এক গোপন স্থানত লুকুৱাই ৰাখে ৷ লগতে মাতৃকো গাঁৱৰ পৰা খেদি দিয়াৰ ভাবুকি দি এই ঘটনা কাকো নক’বলৈ সকীয়াই দিয়ে ৷ ইয়াৰ পিছতে একাংশ মাতব্বৰে বিষয়টো মীমাংসা কৰিবলৈ মাতৃগৰাকীক ধনৰ প্রলোভন দিয়ে ৷
ঘটনাটো মীমাংসা নকৰিলে মাতব্বৰকেইজনে জীৱন্তে পৰিয়ালটোক জ্বলাই দিয়াৰ ভাবুকি দিয়াৰো অভিযোগ কৰিছে পৰিয়ালটোৱে ৷ এই খবৰ লাভ কৰি হোজাই জিলা আইন সেৱা প্রাধিকৰণৰ সম্পাদিকা প্রণীতা মৰাঙৰ নির্দেশমর্মে পেনেল অধিবক্তা ৰোহিনা ৱাৰিছে লম্পটটোৰ কবলৰ পৰা নাবালিকাগৰাকীক উদ্ধাৰ কৰে আৰু পিছত নাবালিকাগৰাকীৰ পৰিয়ালৰ তৰফৰ পৰা হোজাই থানাত গোচৰ তৰে ৷ হোজাই আৰক্ষীয়ে নাবালিকাগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ লগতে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬নং ধাৰাৰ লগতে পস্ক’ আইনৰ ৪নং ধাৰাৰ অধীনত ২৮৮/২০ নং এটা গোচৰ ৰুজু কৰি লম্পট আব্দুৰ ৰহমানক গ্রেপ্তাৰ কৰে আৰু জে’ললৈ প্রেৰণ কৰে ৷ ইফালে ভয়–ভাবুকিত আতংকিত হৈ পৰা ভুক্তভোগী পৰিয়ালটোৰ কাষত থিয় দিছে হোজাই জিলা আইন সেৱা প্রাধিকৰণ ৷ লগতে পৰিয়ালটোক বিনামূলীয়া আইনী সাহায্যৰ আশ্বাস দিছে ৷