নিয়মীয়া বাৰ্তা, ৮ মে’ : ‘নিয়মীয়া বার্তা’ৰ কার্যালয়ত বৃহস্পিতবাৰে ক’ৰোনা আতংকৰ মাজতে নিষ্ঠাৰে দায়িত্ব পালন কৰি থকা সাংবাদিক তথা সংবাদকর্মীসকলক কার্যালয়তে আহি মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে৷
‘নিয়মীয়া বার্তা’ পৰিয়ালৰ হৈ উক্ত সামগ্রীসমূহ গ্রহণ কৰি সমুদ্র সৌৰভ বৰাই বেংকটোৰ এনে পদক্ষেপক শলাগ লয়৷
মন কৰিবলগীয়া যে বন্ধন বেংকে গুৱাহাটীৰ আটাইকেইটা সংবাদ প্রতিষ্ঠানত এইদৰে ক’ৰোনাবিৰোধী যুঁজাৰু সাংবাদিকসকলক মাস্ক আৰু ছেনিটাইজাৰ বিতৰণ কৰে৷ বেংকটোৰ পৰিচালন সঞ্চালক চন্দ্রশেখৰ ঘোষে ব্যক্তিগতভাৱেও ভিন্ন প্রান্তৰ অসহায় পৰিয়ালক সহায় কৰি আহিছে৷