নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আত্মসহায়ক গোটৰ জৰিয়তে চৰ নেহালিত ট্রেক্টৰ বিতৰণ

নিয়মীয়া বাৰ্তা, ৮ মে’ : কামৰূপ মহানগৰ জিলাৰ আজাৰা ৰাজহ চক্রৰ অধীনৰ কৃষিপ্রধান অঞ্চল হিচাপে পৰিচিত আৰু ধাৰাপুৰৰ পৰা পূব মাজিৰ গাঁৱলৈকে সামৰি থকা ব্রহ্মপুত্রৰ মাজত থকা চৰ নেহালিত (মজলী) প্রথমবাৰৰ বাবে স্থানীয় বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ তৎপৰতাত ব্রহ্মপুত্র আত্মসহায়ক গোটৰ জৰিয়তে কৃষিকর্ম কৰাৰ বাবে চৰকাৰী ট্রেক্টৰ লাভ কৰাত কৃষকসকলৰ মাজত উৎসাহ পৰিলক্ষিত হৈছে৷

উল্লেখ্য যে ৫ মে’ত ধাৰাপুৰ কৃষি চক্রৰ জৰিয়তে স্থানীয় বিধায়কগৰাকীৰ তৎপৰতাত কামৰূপ জিলা কৃষি বিষয়াৰ কার্যালয়ে ‘ব্রহ্মপুত্র আত্মসহায়ক গোট’ক মুখ্যমন্ত্রীৰ সমগ্র গ্রাম্য উন্নয়ন যোজনা আঁচনিৰ অধীনত ৰাজ সাহায্যযুক্ত ট্রেক্টৰ এখন প্রদান কৰিছিল৷ প্রায় ৪,২০০ বিঘা মাটিকালিৰে পৰিৱেষ্টিত পাঁচ শতাধিক কৃষক থকা ‘চৰ নেহালি’ নামৰ কৃষিপ্রধান চাপৰিটোত স্বাধীনতাৰ পাছত লাভ কৰা এইখনেই প্রথম ট্রেক্টৰ৷

আনহাতে, ব্রহ্মপুত্র আত্মসহায়ক গোটৰ সভাপতি জিতু কলিতা আৰু সম্পাদক ৰাকেশ কলিতাই জানিবলৈ দিয়া মতে ২০১৭ চনত সু–সংঘবদ্ধভাৱে কৃষিকর্ম কৰাৰ বাবে গঠন কৰা গোটটোত মুঠ ৮গৰাকী সদস্য আছে৷ মেট্রিকৰ পৰা স্নাতক উত্তীর্ণ বাকী ছজন সদস্য হৰমোহন কলিতা, মনোজ কলিতা, ফুনু কলিতা, প্রসন্ন কলিতা, চন্দন কলিতা আৰু হিতেশ কলিতাসহ আঠজনে মিলি প্রায় ৩০ বিঘা মাটিত চৰকাৰৰ পৰা লাভ কৰা ট্রেক্টৰৰে মাটি চহাই বৈজ্ঞানিক পদ্ধতিৰে ধানকে ধৰি ঋতুকালীন কৃষিকর্ম কৰাৰ বাবে সাজু হৈছে৷

আনহাতে, প্রথমবাৰৰ বাবে ট্রেক্টৰ লাভ কৰাত সকলো ধৰণৰ সহযোগিতা কৰাৰ বাবে গোটৰ ফালৰ পৰা বিধায়ক ৰমেন্দ্র নাৰায়ণ কলিতাৰ লগতে ধাৰাপুৰ কৃষি চক্রৰ কৃষি বিষয়া প্রদীপ মেধিক ধন্যবাদ জ্ঞাপন কৰা হৈছে৷

You might also like