নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

উত্তৰ গুৱাহাটীত এজনক কোৱাৰেণ্টাইনঃ বহিঃৰাজ্যৰ পৰা অহা এজন অন্তৰ্ধান

নিয়মীয়া বাৰ্তা, ৯ মে’ : গুৱাহাটীৰ বি বৰুৱা কৰ্কট প্ৰতিষ্ঠানত কৰ্মৰত অভয়পুৰ নিবাসী মিন্টু দাসক আজি স্বাস্থ্য বিভাগৰ কৰ্মচাৰীয়ে কোৱাৰইণ্টাইন কৰে । তেওঁক বৰ্তমান শিঙিমাৰীত ৰখা হৈছে । আনহাতে কিছুদিন আগতে উত্তৰ গুৱাহাটী কটাহবজাৰ নিৱাসী দীপক বড়ো বুলি এজন যুৱক পশ্চিমবংগৰ পৰা মনে মনে ট্ৰাকত আহি ঘৰ পায় । অহাৰ পাচতেই কটাহবজাৰৰ ঘৰত থকাৰ কথা গাঁৱৰ মানুহে পায় । ৩ মে’ত অহা যুৱকজনৰ খবৰ গাঁৱত বিয়পি পৰাত সকলোৱে শংকিত হৈ স্বাস্থ্য বিভাগক খবৰ দিয়ে ।

আশা কৰ্মীৰ লগতে ওচৰৰে চিকিৎসা কেন্দ্ৰৰ কৰ্মী এগৰাকী দীপকৰ ঘৰত উপস্থিত হৈ দীপকৰ সম্ভেদ বিচাৰে । কিন্তু ঘৰৰ মানুহে প্ৰকৃত সত্য লুকুৱাই উভতি যোৱা বুলি কয় । আনহাতে ওচৰ চুবুৰীয়াই আজিও দীপকক প্ৰত্যক্ষ কৰা বুলি অৱগত কৰে । ইয়াৰ পিছত উত্তৰ গুৱাহাটী আৰক্ষী চকী, গৌৰীপুৰত খৱৰ দিয়াৰ উপৰিও ১০৪ ত ফোন যোগে জনোৱা হয় । কিন্তু বৰ্তমানলৈ দীপকৰ কোনো খবৰ লাভ কৰা নাই প্ৰশাসনে । ৰাইজৰ মনত বৰ্তমান শংকা বিৰাজমান । এনেধৰণৰ প্ৰৱণতাৰ বাবে এতিয়ালৈকে ক’ৰোনা মুক্ত হৈ থকা উত্তৰ গুৱাহাটী যিকোনো মুহূৰ্ততে এই মহামাৰীৰ কৱলত পৰিব পাৰে বুলি ৰাইজে শংকা ব্যক্ত কৰিছে । সচেতন মহলৰ মাজত এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ।

You might also like