নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

সাঁতুৰি গংগা পাৰ হৈ অসমলৈ ৰাওনা ৫ যুৱক

নিয়মীয়া বার্তা, ১১ মাৰ্চঃ লকডাউনৰ ফলত বিপর্যয় নামি আহিছে বহিঃৰাজ্যত কর্মৰত অসমৰ লোকসকলৰ৷ ইতিমধ্য নিজৰ গৃহলৈ উভতি আহিবলৈ হাহাকাৰ কৰিছে লোকসকলে৷ পাঁচ মাহ পূর্বে কর্মৰ সন্ধানত গৈছিল ভাৰত–ভূটান সীমান্তৱর্তী সুৱাগপুৰৰ দাবোখিলা গাঁৱৰ চিদম বর্মন, ধনেশ্বৰ বর্মন, সুৰজিৎ বর্মন, ওডালগুৰিৰ আমোজুলিৰ উদয় বডোৰ লগতে গুৱাহাটী মহানগৰীৰ আঠগাঁৱৰ গণেশ ৰামচিয়াৰী জম্মুলৈ গৈছিল৷ জম্মুত গৈ হীৰা প্লাইউড ফেক্টৰীত কর্মত যোগদান কৰিছিল৷ সমগ্র বিশ্বৰ লগতে দেশতো ক’ৰোনা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰিবলৈ লোৱাত চৰকাৰে বলৱৎ কৰে লকডাউন৷যাৰ বাবে ফেক্টৰী বন্ধ হৈ পৰাত এইসকল যুৱক কর্মহীন হৈ পৰে৷ অৱশেষত ফেক্টৰীৰ স্বত্বাধিকাৰীয়ে দুমাহৰ দৰমহা আদায় দিয়াৰ লগতে ভাৰাঘৰৰ পৰা উলিয়াই দিয়ে যুৱককেইজনক৷ উপায়হীন হৈ চাইকেলেৰে জম্মুৰ পৰা ৬ মে’ত গৃহ অভিমুখে যাত্রা আৰম্ভ কৰে৷ বর্তমান যুৱকৰ দলটোৱে উত্তৰ প্রদেশত উপস্থিত হোৱা বুলি টেলিফোনযোগে জানিবলৈ দিয়ে৷ লকডাউনৰ ফলত আৰক্ষীয়ে বিভিন্ন স্থানত ৰাজপথেৰে চাইকেল চলাই অহাত বাধাও দিয়ে৷ আনকি আজি পুৱা আৰক্ষীয়ে ৰাজপথেৰে অহাত বাধা আৰোপ কৰাৰ ফলত গংগা নৈৰ এবুকু পানী ভেদি পাৰ হৈ যাত্রা কৰি আহি থকা বুলি জানিবলৈ দিয়ে দলটিয়ে৷ তদুপৰি যুৱকৰ দলটোৱে বর্তমান তীব্র খাদ্য আৰু অর্থ সংকটৰ সন্মুখীন হোৱা কথা প্রকাশ কৰে৷ যুৱকৰ দলটোৱে সংবাদ মাধ্যম আৰু ছ’চিয়েল মিডিয়াৰ যোগেদি অসম চৰকাৰৰ সহায়–সহযোগ বিচাৰিছে৷ আনকি যুৱকৰ দলটোৱে সুজিত বর্মনৰHDFC Bank Account No- 50100290917837 IFSC- HDFC0000753 বেংক একাউণ্টত সহায়ৰ হাত আগবঢ়াবলৈ ৰাইজৰ লগতে চৰকাৰৰ ওচৰত অনুৰোধ জনোৱাৰ লগতে  ৬০০৩৬–৮৭৯২১, ৬০০১৬–২১২৯৭ আৰু ৬০০০২–৭৭৩১৪ নম্বৰত ফোন কৰিও সহায়–সহযোগ কৰিব পাৰিব বুলি উল্লেখ কৰে

You might also like