লকডাউনতে সোমাল দুখনকৈ বাংলাদেশৰ কয়লাভর্তি জাহাজ
নিয়মীয়া বার্তা, ১১ মেঃ ন’ভেল ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে বলৱৎ কৰা লকডাউনৰ মাজতে বাংলাদেশৰ পৰা ব্রহ্মপুত্রৰে দুখন জাহাজ গুৱাহাটীৰ পাণ্ডুত উপস্থিত হোৱাক লৈ মহানগৰীত তীব্র আতংক সৃষ্টি হৈছে৷ জানিব পৰা মতে জাহাজ দুখনত বাংলাদেশৰ পৰা কয়লা কঢ়িয়াই অনা হৈছে৷ জাহাজ দুখনত আছে বাংলাদেশৰ ২০জনকৈ লোক৷ লক্ষণীয়ভাৱে এই জাহাজ দুখন ব্রহ্মপুত্রৰ পাণ্ডু প’টলৈ আহিবলৈ দিয়া হোৱা নাই৷ ব্রহ্মপুত্রৰ মাজতে ৰখাই থোৱা হৈছে জাহাজ দুখন৷
উল্লেখ্য যে সমগ্র বিশ্বতে মাৰাত্মক ক’ৰোনা ভাইৰাছে সন্ত্রাস সৃষ্টি কৰাৰ লগতে ভাৰতবর্ষ তথা অসমতো ক্রমাৎ বৃদ্ধি পাইছে প্রাণঘাতী ভাইৰাছত আক্রান্ত লোকৰ সংখ্যা৷ অতি শেহতীয়াকৈ অসমত মাৰাত্মক ভাইৰাছত আক্রান্তৰ সংখ্যা বৃদ্ধি পাবলৈ ধৰা ঘটনাই স্বাভাৱিকতে অসমবাসীক আতংকিত কৰি তুলিছে৷ এনে এক আতংকময় পৰিৱেশৰ মাজতে বাংলাদেশৰ পৰা দুখন জাহাজ ব্রহ্মপুত্রৰ বুকুৱেদি আহি পাণ্ডুত উপস্থিত হোৱাত মহানগৰবাসীৰ মাজত আতংক সৃষ্টি কৰিছে৷ এনে প্রেক্ষাপটত প্রশাসনে জাহাজ দুখন পাণ্ডু ঘাটলৈ অহাত বাধা আৰোপ কৰি নদীৰ মাজতে ৰখাই থ’বলৈ নির্দেশ দিছে৷
জানিব পৰা মতে, স্বাস্থ্য বিভাগৰ দল এটা গৈ জাহাজ দুখনৰ কর্মীসকলক স্ক্রীনিং কৰে৷ কর্মীসকলৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে যদিও জাহাজ দুখন নদীৰ মাজৰ পৰা পাৰলৈ আহিবলৈ দিয়া হোৱা নাই৷ কাৰণ জাহাজ দুখনৰ কর্মচাৰীকেইজন মহামাৰী ক’ৰোনা ভাইৰাছৰ জাহাজ হ’ব পাৰে৷ স্মর্তব্য যে ছৌদি আৰব, দিল্লীৰ নিজামুদ্দিন মার্কাজ, শিলিগুৰি, ৰাজস্থান আদি বহিঃৰাষ্ট্র আৰু বহিঃৰাজ্যৰ পৰা ঘূৰি অহা অসমৰ ৪০জনতকৈ অধিক লোক সংহাৰী ক’ৰোনা ভাইৰাছত আক্রান্ত হৈছে৷ তেনে এক ভয়ংকৰ পৰিস্থিতিৰ মাজতে বাংলাদেশৰ পৰা ২০জনকৈ লোক দুখন জাহাজেৰে মহানগৰীৰ পাণ্ডুত উপস্থিত হোৱা ঘটনা ৰাজ্যবাসীৰ বাবে উদ্বিগ্ণতাৰ কাৰক হৈ পৰিছে৷
লকডাউন অব্যাহত থকাৰ মাজতে কয়লা পৰিবাহী জাহাজ দুখন কেনেকৈ অসমত প্রৱেশ কৰিব পাৰিলে, তাকে লৈ প্রশ্ণ উত্থাপন হৈছে৷ ইফালে আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ এজন বিষয়াই জানিবলৈ দিয়া মতে, ছাই শ্বেৰী আৰু ৰাম প্রসাদ নামৰ জাহাজ দুখন যোৱা ২৪ এপ্রিলতে অসমত প্রৱেশ কৰিছে৷ জাহাজ দুখন ধুবুৰীত উপস্থিত হোৱাৰ পাছত শুল্ক বিভাগে নথিপত্র পৰীক্ষা কৰে৷ লগতে জাহাজ দুখনৰ কর্মচাৰীসকলক ধুবুৰীত ১৪ দিনৰ বাবে কোৱাৰেণ্টাইন কৰা হয়৷ গুৱাহাটীতো কর্মচাৰীকেইজনৰ স্বাস্থ্য পৰীক্ষা কৰা হৈছে৷ বিষয়াজনৰ মতে, জাহাজত কয়লা নহয়, থার্ম’কলহে অনা হৈছে আৰু সামগ্রীখিনি জাহাজতে আছে৷ কিন্তু ইয়াৰ মাজতে চর্চা হৈছে যদিহে জাহাজ দুখনৰ কর্মচাৰীসকলক ইতিমধ্যে ধুবুৰীত কোৱাৰেণ্টাইন কৰাৰ পাছত স্বাস্থ্য পৰীক্ষা কৰি গুৱাহাটী অভিমুখে আহিবলৈ দিয়াৰ পাছত গুৱাহাটীতো স্বাস্থ্য পৰীক্ষা কৰা হৈছে, তেন্তে জাহাজ দুখন কিয় পাণ্ডু ঘাটলৈ আহিবলৈ দিয়া হোৱা নাই? কর্মচাৰী তথা সামগ্রীসহ জাহাজ দুখন কিয় নদীৰ মাজত ৰখাই থোৱা হৈছে?