নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনত পুনৰ ১৪টাকৈ ক’ৰোনাৰ সংক্রমণঃ য়ুহানতো এজন আক্রান্ত

নিয়মীয়া বার্তা, ১১ মেঃ মহামাৰী ক’ৰোনাৰ উৎপত্তিস্থল চীনত সংক্রমণ প্রায় নাইকিয়া হৈছিল যদিও কালি ২৪ ঘণ্টাত দেশখনত নতুনকৈ ১৪জন লোক আক্রান্ত হোৱাত আতংকৰ সৃষ্টি হৈছে৷ চীনৰ নেচনেল হেলথ কমিছনে জনোৱা তথ্য অনুসৰি যোৱা ২৪ এপ্রিলৰ পাছত এয়া সর্বাধিক সংক্রমণৰ ঘটনা৷ ক’ৰোনা ভাইৰাছৰ উৎপত্তিস্থল য়ুহানত পুনৰ এজন লোক সংক্রমণ হোৱাত দেশখনত যে ক’ৰোনাৰ ভয়াৱহতা শেষ হোৱা নাই সেয়া প্রমাণ হ’ল৷ উল্লেখ্য যে য়ুহান চহৰত ৩ এপ্রিলৰ পাছত পুনৰ প্রথমটো সংক্রমণৰ ঘটনা সংঘটিত হ’ল৷ উল্লেখ্য যে চীনত শেহতীয়া তথ্য অনুসৰি ৮২,৯০১জন লোক ক’ৰোনাত সংক্রমিত হৈছিল আৰু ইয়াৰে ৭৮,১২০জন লোক আৰোগ্য হৈছিল৷ আনহাতে, দেশখনত এতিয়ালৈকে ৪,৬৩৩জন লোকৰ মৃত্যু হৈছে৷ চীনৰ পৰাই পৃথিৱীৰ বিভিন্ন স্থানলৈ দ্রুতগতিত বিয়পি পৰে এই মাৰাত্মক ভাইৰাছ৷

You might also like