ভেকচিন উদ্ভাৱনত ভাৰত–আমেৰিকাৰ যৌথ প্রচেষ্টা
নিয়মীয়া বার্তা, ১১ মেঃ মহামাৰী ক’ৰোনা ভাইৰাছে বিশ্বজুৰি হাহাকাৰ অৱস্থাৰ সৃষ্টি কৰি অহাৰ মাজতে ভাৰত আৰু আমেৰিকাই যৌথভাৱে তিনিটাকৈ ক’ভিড–১৯ ভেকচিন সৃষ্টিৰ বাবে গৱেষণা অব্যাহত ৰাখিছে৷ যোৱা তিনি মাহ ধৰি ভাৰত আৰু আমেৰিকাৰ ঔষধ সংস্থাসমূহে এই প্রচেষ্টা অব্যাহত ৰাখিছে৷ আমেৰিকাস্থিত ভাৰতৰ ৰাষ্ট্রদূত তৰণজিৎ সিং সান্ধুৱে এই মন্তব্য কৰিছে৷ তেওঁ ৱাশ্বিংটনক দিল্লীৰ বিশ্বাসযোগ্য সহযোগী আখ্যা দি কয় যে দুয়োখন দেশৰ আইচিএমইআৰ, চিডিচিপি আৰু এনআইএইচ–এ বহু বছৰ ধৰি একেলগে কাম কৰি আহিছে৷ তথ্য আদান–প্রদানৰ ক্ষেত্রতো দুয়োখন দেশে অত্যন্ত সহযোগিতাৰে কাম কৰি আহিছে৷ সান্ধুৱে আৰু কয় যে কমেও তিনিটাকৈ ক’ৰোনা ভাইৰাছৰ ভেকচিনৰ ক্ষেত্রত ভাৰতীয় কোম্পানী আৰু মার্কিন কোম্পানীয়ে একেলগে গৱেষণা অব্যাহত ৰাখিছে৷ উল্লেখ্য যে ক’ৰোনাত আক্রান্ত আমেৰিকাৰ বাবে ভাৰতে বৃহৎ পৰিমাণৰ ঔষধো প্রেৰণ কৰিছে৷