নিয়মীয়া বাৰ্তা, ১২ মে’ : ক’ভিড–১৯ৰ সংক্রমণৰ বিৰুদ্ধে চলি থকা যুঁজৰ মাজতে অধিক ভয়াৱহ পৰিস্থিতিৰ দিশে গতি কৰিছে ৰাজধানী চহৰ গুৱাহাটী ৷ চৰকাৰে গ্রহণ কৰা কঠোৰ প্রতিৰোধ ব্যৱস্থাৰ পাছতো মহানগৰীত ক’ৰোনা ভাইৰাছত আক্রান্তৰ সংখ্যা ৮জনলৈ বৃদ্ধি পালে ৷ উল্লেখ্য যে দেওবাৰে দিনটোত ৰাজ্যত এজনো ক’ৰোনা আক্রান্ত ৰোগী চিনাক্ত হোৱা নাছিল যদিও সোমবাৰে খোদ মহানগৰীতে ক’ভিড–১৯ত আক্রান্ত হোৱা দুজনকৈ লোক চিনাক্ত হোৱা ঘটনাই গুৱাহাটীবাসীক শংকিত কৰি তুলিছে ৷ সোমবাৰে বিয়লি স্বাস্থ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই টুইটযোগে প্রকাশ কৰা মতে, আক্রান্ত দুজনৰ এজন গুৱাহাটীৰ ৷ আনজন মৰিগাঁও জিলাৰ যদিও তেওঁ গুৱাহাটীত চিকিৎসাধীন হৈ আছে ৷ ইয়াৰ লগে লগে ৰাজ্যত ক’ৰোনা আক্রান্তৰ সংখ্যা ৬৪লৈ বৃদ্ধি পালে ৷ ইতিমধ্যে ৩৯জনক ডিচার্জ দিয়াৰ বিপৰীতে চিকিৎসাধীন হৈ আছে ২৩জন ৰোগী ৷ তদুপৰি এই সময়ছোৱাত ক’ৰোনাত আক্রান্ত হৈ দুজনৰ মৃত্যু ঘটিছে ৷ উল্লেখ্য যে মহেন্দ্র মোহন চৌধুৰী চিকিৎসালয়ৰ পৰা ক’ৰোনামুক্ত হোৱা পাঁচজন লোকক সোমবাৰে যাবলৈ দিয়া হৈছে ৷ তাৎপর্যপূর্ণ দিশটো হ’ল যে মহানগৰীত আক্রান্ত এজনক বাদ দি আন সাতজনৰ এতিয়ালৈ ভ্রমণ পৰিক্রমা উদ্ধাৰ হোৱা নাই ৷ কার্যতঃ এই বিষয়টোৱে স্বাস্থ্য বিভাগৰ লগতে গুৱাহাটীবাসীকো উদ্বিগ্ন কৰি তোলাই নহয়, অহা সময়ছোৱা যে অধিক জটিলতাৰ দিশে ৰাজধানী চহৰখন গতি কৰিছে, সেই আশংকা তীব্রতৰ কৰি তুলিছে ৷
মন কৰিবলগীয়া দিশটো হ’ল যে সোমবাৰে চিনাক্ত হোৱা ক’ভিড–১৯ আক্রান্ত লোক দুজনৰ এজন গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ (জি এম চি এইচ) নিউৰ’লজী অর্থাৎ স্নায়ু ৰোগ বিভাগত যোৱা ২৫ এপ্রিলৰ পৰা চিকিৎসাধীন হৈ আছে ৷ মৰিগাঁও জিলাৰ জাগীৰোডৰ মনহা গাঁৱৰ অমৰজ্যোতি ডেকা নামৰ এই লোকজনৰ শৰীৰত যোৱা দুদিনৰ পৰা ক’ৰোনাৰ লক্ষণসমূহ দেখা দিয়াত চিকিৎসকে তেওঁৰ ছোৱাব টেষ্ট কৰিছিল ৷ সোমবাৰে ফলাফলত ব্যক্তিজনৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰে ৷ এনে পৰিস্থিতিত সমগ্র জি এম চি এইচতে সৃষ্টি হৈছে হাহাকাৰ পৰিৱেশ ৷ ইতিপূর্বে চিকিৎসা মহাবিদ্যালয়খনৰ মেডিচিন বিভাগৰ চিকিৎসক ছাত্র ডাঃ লিথিকেশ ডি এছ আৰু আঞ্চলিক দন্ত চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ছাত্রী ডাঃ দীপা ডেকা ক’ভিড–১৯ত আক্রান্ত হোৱা বাবে সমগ্র জি এম চি এইচ কনটেইনমেণ্ট জ’নলৈ নিয়া হৈছিল ৷ জি এম চি এইচৰ বহিঃবিভাগত ক’ৰোনা চিকিৎসাত জড়িত এই চিকিৎসক দুগৰাকী কিদৰে ক’ৰোনাত আক্রান্ত হ’ল, তাৰ উৎস উদ্ধাৰ নৌহওঁতেই পুনৰ চিকিৎসালয়খনত থকা এজন ৰোগী আক্রান্ত হোৱাৰ খবৰে স্বাভাৱিকতে স্বাস্থ্য বিভাগৰ মাজতো সৃষ্টি কৰিছে হাহাকাৰ পৰিৱেশ ৷
প্রশ্ন উত্থাপন হৈছে, কাৰ সংস্পর্শলৈ আহি অমৰজ্যোতি ডেকা নামৰ লোকজন ক’ৰোনা ভাইৰাছত আক্রান্ত হ’ল ৷ কোনোধৰণৰ ভ্রমণ পৰিক্রমা নথকা এই ৰোগীজন ডাঃ লিথিকেশ ডি এছৰ সংস্পর্শলৈ আহিছিল নে আন কোনো লোকৰ সংস্পর্শলৈ আহি আক্রান্ত হ’ল, তাৰ উৱাদিহ উলিয়াব পৰা নাই জি এম চি এইচ কর্তৃপক্ষই ৷ এইক্ষেত্রত অমৰজ্যোতি ডেকা পূর্বৰ ৰেড জ’ন জিলা মৰিগাঁৱতে ক’ভিড–১৯ত আক্রান্ত হৈছিল নেকি, তাক লৈও চর্চা চলিছে ৷ তাৎপর্যপূর্ণ দিশটো হ’ল যে ক’ভিড–১৯ চিকিৎসাৰ অন্যতম কেন্দ্রস্থল ৰূপে পৰিগণিত হৈ অহা জি এম চি এইচৰ দুজনকৈ চিকিৎসক আক্রান্ত হোৱাৰ পাছত এইবাৰ এই সংক্রমণ ৰোগীলৈ বিয়পি পৰা বিষয়টো যথেষ্ট উদ্বেগজনক দিশ ৰূপে বিবেচিত হৈছে ৷ কিয়নো চিকিৎসালয়খনৰ বিভিন্ন ৱার্ডত এতিয়াও চিকিৎসাধীন হৈ আছে প্রায় সাত শতাধিক ৰোগী ৷ সমান্তৰালভাৱে চিকিৎসালয়খনত আছে ৰোগীৰ অভিভাৱক তথা স্বাস্থ্যকর্মীসকল ৷ আক্রান্ত হোৱা অমৰজ্যোতি ডেকাৰ শুশ্রূষাৰ বাবে চিকিৎসালয়খনত আছিল তেওঁৰ পত্নী আৰু মাতৃ ৷ আটাইতকৈ গুৰুত্বপূর্ণ কথাটো হ’ল যে বিগত দিনকেইটাত চিকিৎসাজনিত কাৰণত বহুকেইজন চিকিৎসক–নার্ছ স্বাভাৱিকতে অমৰজ্যোতি ডেকাৰ সংস্পর্শলৈ আহিছিল ৷ এনে অৱস্থাত ক’ৰোনাত জি এম চি এইচৰ ৰোগী আক্রান্ত হোৱাটোৱে চিকিৎসালয়খনৰ লগতে ৰাজ্যবাসীৰ বাবেও অশনি সংকেত কঢ়িয়াই আনিছে ৷
ইতিমধ্যে অমৰজ্যোতি ডেকা চিকিৎসাধীন হৈ থকা নিউৰ’লজি ৱার্ডটো ছীল কৰা বুলি জানিব পৰা গৈছে ৷ স্মর্তব্য যে জি এম চি এইচৰ দুই চিকিৎসক ডাঃ লিথিকেশ ডি এছ ক’ভিড–১৯ত আক্রান্ত হোৱাৰ পাছতে চিকিৎসক, নার্ছ, স্বাস্থ্যকর্মী, ৰোগী আৰু অভিভাৱকসহ ৫৩৮জনৰ ছোৱাব টেষ্ট কৰা হৈছিল ৷ একেদৰে দন্ত চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ছাত্রী দীপা ডেকা আক্রান্ত হোৱাৰ পাছত চিকিৎসক, ছাত্রীৰ লগতে কর্মচাৰীসহ ৭১জনৰ ছোৱাব টেষ্ট কৰা হৈছিল ৷ শেহতীয়াকৈ চিকিৎসক দুজনৰ বাহিৰে আন সকলো টেষ্ট নিগেটিভ হৈছিল ৷ একেদৰে জি এম চি এইচে মুঠ ১,৫০০জন স্বাস্থ্যকর্মী, চিকিৎসক, ৰোগী আৰু অভিভাৱকৰ ছোৱাব সংগ্রহ কৰি দিল্লীলৈ পৰীক্ষাৰ বাবে প্রেৰণ কৰিছে ৷ ইয়াৰ মাজতে চিকিৎসালয়খনৰ এজন ৰোগী আক্রান্ত হোৱা খবৰে স্বাস্থ্য বিভাগক বিবুধিত পেলোৱাই নহয়, জি এম চি এইচত যে ক’ৰোনা ভাইৰাছৰ সংক্রমণ বৃদ্ধি পাইছে, সেয়াও একপ্রকাৰ নিশ্চিত হৈছে ৷
ইফালে, মহানগৰীৰ মাজমজিয়াত আক্রান্ত হোৱা আনজন লোক হ’ল মাংগু সাহানী ৷ গুৱাহাটীৰ ফাঁচীবজাৰৰ ৰাজকমল নামৰ হোটেলখনৰ কর্মচাৰীজন হ’ল ভূতনাথ অঞ্চলৰ বাসিন্দা ৷ এই লোকজনক দেওবাৰে পূর্বে জ্বৰ আৰু কাহত আক্রান্ত হোৱা হেতু মহেন্দ্র মোহন চৌধুৰী চিকিৎসালয়লৈ ৰাজু গুপ্তা নামৰ এজন লোকে লৈ গৈছিল ৷ তাৎপর্যপূর্ণভাৱে চিকিৎসালয়ত মাংগু সাহানীৰ পৰিৱর্তে নিজৰ ঠিকনা আৰু ফোন নম্বৰ দি আহিছিল ৰাজু গুপ্তাই ৷ মাংগু সাহানীৰ শৰীৰত ক’ৰোনাৰ লক্ষণ দেখা দিয়াত চিকিৎসকে ছোৱাব সংগ্রহ কৰি পৰীক্ষাৰ ব্যৱস্থা কৰিছিল ৷ সোমবাৰে তাৰ ফলাফল পজিটিভ হোৱাত চিকিৎসালয়ৰ তৰফৰ পৰা ৰাজু গুপ্তাৰ সৈতে যোগাযোগ কৰি মাংগু সাহানীক মহেন্দ্র মোহন হাস্পতাললৈ লৈ অহা হয় ৷ লক্ষণীয় যে জ্বৰত আক্রান্ত হৈ ৰাজকমল হোটেলতে শয্যাগত হৈ আছিল মাংগু সাহানী ৷ সোমবাৰে সন্ধিয়া স্বাস্থ্য বিভাগৰ এটা দলে আৰক্ষীৰ সহযোগত এই লোকজনক চিকিৎসালয়লৈ লৈ আহে ৷ ফাঁচীবজাৰৰ মাজমজিয়াত এনেদৰে ক’ৰোনা আক্রান্ত এজন লোক উদ্ধাৰৰ খবৰে উত্তৰ–পূবৰ ব্যৱসায়িক কেন্দ্রস্থলৰ বাসিন্দাসকলকো শংকিত কৰি তুলিছে ৷ কিয়নো লকডাউনৰ শিথিলতাৰ বাবে যোৱা সময়ছোৱাত ফাঁচীবজাৰত একাধিক দোকান–পোহাৰ খোলাৰ লগতে আৰম্ভ হৈছিল ব্যৱসায়িক কাম–কাজ ৷ সমান্তৰালভাৱে বহু লোকৰ সমাগমো ঘটিছিল এই সময়ছোৱাত ৷ এনে অৱস্থাত ফাঁচীবজাৰৰ মাজমজিয়াত থকা ৰাজকমল হোটেলৰ এজন কর্মচাৰী ক’ভিড–১৯ত আক্রান্ত হোৱা বিষয়টোৱে চিন্তিত কৰি তুলিছে ব্যৱসায়ী সমাজক ৷ অৱশ্যে এতিয়ালৈ মাংগু সাহানীৰ ভ্রমণ পৰিক্রমাৰ লগতে আন কোনো তথ্য পোহৰলৈ অহা নাই ৷ যোৱা সময়ছোৱাত এই লোকজনে কাৰোবাৰ সংস্পর্শলৈ অহাৰ বাবে আক্রান্ত হ’ল নে ৰাজ্যৰ বাহিৰলৈ যোৱাৰ বাবে আক্রান্ত হ’ল, সেয়া এতিয়াও নিশ্চিত হোৱা নাই ৷