নিয়মীয়া বার্তা, ১৩ মে’ : বিশ্বজুৰি ত্রাস সৃষ্টি কৰা ক’ভিড–১৯ৰ ভয়ংকৰ সংক্রমণ ৰোধৰ স্বার্থত দেশত সম্প্রতি বলৱৎ হৈ আছে তৃতীয় পর্যায়ৰ লকডাউন ৷ যোৱা ৪ মে’ৰ পৰা আৰম্ভ হোৱা তৃতীয় পর্যায়ৰ লকডাউনত কিছু শিথিলতা আনি ভিন্ন প্রান্তত আবদ্ধ হৈ থকা লোকসকলক চৰকাৰ–প্রশাসনৰ প্রয়োজনীয় অনুমতি লৈ স্বাস্থ্য পৰীক্ষা সাপেক্ষে নিজ গৃহলৈ ওভতাই অনাৰ ব্যৱস্থা কৰা হৈছে ৷ অৱশ্যে সর্বসাধাৰণৰ ক্ষেত্রত এতিয়াও আন্তঃৰাজ্যিক পথ যোগাযোগ ব্যৱস্থা স্বাভাৱিক কৰা হোৱা নাই ৷ পিছে অসমত কার্যতঃ অন্তঃসাৰশূন্য বুলিব লাগিব আন্তঃৰাজ্যিক যোগাযোগ ব্যৱস্থা ব্যাহত হৈ থকাৰ প্রসংগ ৷ ‘নিয়মীয়া বার্তা’ কাকতৰ সোমবাৰৰ সংখ্যাত অসম–পশ্চিমবংগ সীমান্তৰ মূল প্রৱেশদ্বাৰ শ্রীৰামপুৰ আৰু ছাগলীয়া তালাচী চকী স্পর্শ নকৰাকৈ কেতবোৰ উপপথ, নদীপথ আৰু ৰে’ললাইনেৰে খোজকাঢ়ি জাকে জাকে মানুহ অসমত প্রৱেশ কৰি থকাৰ বিষয়ে সবিস্তাৰে প্রকাশ পাইছে ৷ পিছে চৰকাৰ–প্রশাসনৰ অজ্ঞাতে কেৱল যে বহিঃৰাজ্যৰ পৰা অসমলৈ শ্রীৰামপুৰ আৰু ছাগলীয়াৰে মানুহ আহিছে, তেনে নহয় ৷ চৰকাৰ–প্রশাসনৰ নির্বিকাৰ ভূমিকাৰ সুযোগ গ্রহণ কৰি উন্মুক্ত নদীপথেৰে অব্যাহত আছে আন্তঃৰাজ্যিক যোগাযোগ ব্যৱস্থা ৷ মেঘালয়–সমৰ মাজত নিতৌ নদীপথ যোগাযোগ ব্যৱস্থাৰ মাধ্যমেৰে অসংখ্য লোক অহা–যোৱা কৰি আছে ৷ মেঘালয়ৰ পৰা হাটশিঙিমাৰী হৈ নিতৌ নাৱেৰে ব্রহ্মপুত্র পাৰ হৈ অজস্র মানুহ ধুবুৰীলৈ আহে ৷ জানিব পৰা মতে, মেঘালয়ৰ ফুলবাৰী, হাটশিঙিমাৰীৰ কোকৰাডাঙা, ফকিৰগঞ্জৰ পৰা দৈনিক নাৱেৰে মানুহ আহি আছে ৷
বর্তমান যাত্রীবাহী নাও চলাচলত কোনো অনুমতি নাই যদিও প্রশাসনৰ চকুত ধূলি মাৰি অব্যাহত আছে চলাচল৷ ইয়াতকৈও অধিক ভয়ংকৰ কথাটো হৈছে খাদ্য–সামগ্রী কঢ়িওৱাৰ বাবে প্রশাসনৰ অনুমতিপ্রাপ্ত মালবাহী নাৱত যাত্রী কঢ়িওৱা আৰম্ভ হৈছে ৷ এনে মালবাহী নাৱেৰে মেঘালয়ৰ পশ্চিম গাৰোপাহাৰ জিলাৰ লোক ধুবুৰীলৈ নিয়মিত অহা–যোৱা কৰি আছে ৷ বিভিন্ন পক্ষৰ পৰা লাভ কৰা এনে অভিযোগৰ ভিত্তিত ধুবুৰী আৰক্ষীয়ে আজি ব্রহ্মপুত্রৰ মাজত দুখন মালবাহী নাও জব্দ কৰে৷ মালবাহী নাও দুখনৰ পৰা মুঠ ১৩জন যাত্রী উদ্ধাৰ কৰা হৈছে ৷ এই ১৩জন যাত্রীৰ চাৰিজন হৈছে মেঘালয়ৰ৷ পশ্চিম গাৰোপাহাৰ জিলাৰ মালবাহী নাও দুখনৰ এখন জলেশ্বৰৰ পৰা আৰু আনখন পাটাকাটাৰ পৰা ধুবুৰী অভিমুখে আহি আছিল৷ ইয়াৰে এখন মালবাহী নাৱৰ অনুজ্ঞা–পত্রৰো ম্যাদ ইতিমধ্যে উকলি গৈছে৷ নিত্য ব্যৱহার্য সামগ্রী কঢ়িওৱাৰ অনুজ্ঞা–পত্র লৈ নাওসমূহে যাত্রী উঠোৱাৰ ঘটনা কিমান ভয়াৱহ আৰু বিপজ্জনক, সেয়া সহজেই অনুমেয়৷ মন কৰিবলগীয়া এয়ে যে প্রশাসনৰ তৰফৰ পৰা যাত্রীবাহী নাও চলাচল সম্পূর্ণ নিষিদ্ধ থকা সত্ত্বেও প্রতিদিনে ধুবুৰী চহৰত চৰাঞ্চলৰ পৰা বহু লোকে ভিৰ কৰে৷ প্রশাসনে কেনেদৰে চহৰখনলৈ চৰাঞ্চলৰ পৰা মানুহ আহিছে, সেই দিশটোৰ প্রতি গুৰুত্ব দিয়া হ’লে অবৈধ নাৱৰ চলাচল ইমান সহজসাধ্য নহ’লহেঁতেন বুলি মন্তব্য কৰিছে৷ ইপিনে, মেঘালয়ৰ পশ্চিম গাৰোপাহাৰ জিলা আৰু ধুবুৰীৰ মাজত নদীপথেৰে যোগাযোগ অব্যাহত থকাৰ দৰে উত্তৰ বংগৰ কোচবিহাৰ আৰু ধুবুৰীৰ মাজতো বিকল্প পথেৰে যোগাযোগ চলি থকাৰ বাতৰি পোৱা গৈছে৷ কোচবিহাৰৰ বালাকুটৰ পৰা গৌড় জাপুছবাৰীৰে অসমৰ আগমনিত উপস্থিত হৈ ধুবুৰীলৈ বহু লোক অহা–যোৱা কৰি আছে৷ দুই ৰাজ্যৰ মাজৰ ভিতৰুৱা এই পথসমূহত নাই কোনো তালাচী বা স্ক্রীনিঙৰ ব্যৱস্থা ৷