নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চলিত সপ্তাহত আমেৰিকাই কৰিব ১ কোটি ক’ৰোনাৰ টেষ্ট

নিয়মীয়া বাৰ্তা, ১৩ মে’ : ন’ভেল ক’ৰোনা ভাইৰাছৰ দ্রুত সংক্রমণক লৈ চিন্তিত হৈ পৰিছে আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প ৷ বিশ্বৰ বিভিন্ন দেশসমূহৰ ভিতৰত আমেৰিকাতেই সর্বাধিক লোক আক্রান্ত আৰু মৃত্যু হৈছে ৷ ক’ৰোনাত আক্রান্ত লোকক সোনকালে চিনাক্ত কৰাৰ বাবে দেশখনে পৰীক্ষাৰ সংখ্যা বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈ চলিত সপ্তাহতে ১০ কোটি টেষ্ট কৰাৰ পৰিকল্পনা কৰিছে ৷ সোমবাৰে এই কথা জানিবলৈ দিয়ে ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ৷ তেওঁ কয় যে এই সংখ্যা বর্তমান চলি থকা পৰীক্ষাতকৈ দুগুণ হ’ব ৷ প্রতিদিনে ৩ লাখকৈ ক’ৰোনাৰ টেষ্ট কৰা হ’ব বুলি ৰাষ্ট্রপতিজনে জানিবলৈ দিয়ে ৷ তেওঁ কয়–‘তিনি সপ্তাহৰ পূর্বে আমি প্রতিদিনে প্রায় ডেৰ লাখ লোকৰ ক’ৰোনাৰ টেষ্ট কৰিছিলোঁ ৷ কিন্তু এতিয়া আমি প্রতিদিনে ৩ লাখ টেষ্ট কৰাৰ সিদ্ধান্ত লৈছোঁ ৷’ উল্লেখ্য যে বিশ্বৰ সর্বশক্তিমান দেশখন বর্তমান ক’ৰোনাৰ সংক্রমণৰ বাবে সংকটত পৰিছে ৷ দেশখনত এতিয়ালৈকে প্রায় ১৩ লাখ ৮৬ হাজাৰ লোক এই মহামাৰীত আক্রান্ত হৈছে আৰু প্রাণ হেৰুৱাইছে ৮২ হাজাৰতকৈ অধিক লোকে ৷ প্রণিধানযোগ্য যে দেশখনত কোৱাৰেণ্টাইন আৰু লকডাউনৰ পাছত সংক্রমণ ৰোধ কৰিবলৈ অধিক পৰিমাণৰ ক’ৰোনাৰ পৰীক্ষা কৰাটো প্রয়োজনীয় হৈ পৰিছে ৷

You might also like