চীনৰ পৰাই ২০ বছৰত পাঁচটাকৈ মহামাৰীৰ সংক্রমণ
আমেৰিকাৰ ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টা অ’ব্রিয়েনৰ অভিযোগ
নিয়মীয়া বাৰ্তা, ১৪ মে’ : মাৰাত্মক ক’ৰোনা ভাইৰাছত ৮০ সহস্রাধিক লোকে প্রাণ হেৰুওৱা আমেৰিকাত এই ভাইৰাছবিধ চীনৰ পৰা সংক্রমিত হোৱা বুলি হোৱাইট হাউছ প্রশাসনে বিভিন্ন অভিযোগ উত্থাপন কৰি আহিছে ৷ শেহতীয়াকৈ দেশখনৰ ৰাষ্ট্রীয় উপদেষ্টা ৰবার্ট অ’ব্রিয়েনে উল্লেখ কৰিছে যে চীনৰ পৰা যোৱা ২০ বছৰত পাঁচটাকৈ মহামাৰীৰ সংক্রমণ ঘটিছে ৷ বিশ্বজুৰি চীনৰ পৰা অহা এই পাঁচটাকৈ মহামাৰীত প্রাণ হেৰুৱাইছে অসংখ্য লোকে৷ চীনৰ পৰা এনে মহামাৰী ৰপ্তানি বন্ধ হ’ব লাগিব বুলিও হুংকাৰ দিছে আমেৰিকান বিষয়ববীয়াগৰাকীয়ে৷ ক’ৰোনা ভাইৰাছে বিশ্বজুৰি সংহাৰ সৃষ্টি কৰাৰ বাবে চীন জগৰীয়া বুলি উল্লেখ কৰে ৰবার্ট অ’ব্রিয়েনে ৷
স্মর্তব্য যে বিশ্বজুৰি আঢ়ৈ লক্ষাধিক লোকে এতিয়ালৈকে এই মাৰাত্মক ভাইৰাছবিধত প্রাণ হেৰুৱাইছে৷ ইতিমধ্যে পৃথিৱীৰ জনসাধাৰণে চীনৰ পৰা ৰপ্তানি হোৱা এই মহামাৰীক আৰু কোনো কাৰণতে গ্রহণ কৰা নহ’ব বুলি বেইজিং প্রশাসনৰ ওচৰত দাবী উত্থাপন কৰা বুলিও বিষয়াগৰাকীয়ে সংবাদ মাধ্যমৰ আগত মন্তব্য কৰিছে ৷ চীনৰ য়ুহানৰ পৰীক্ষাগাৰ নাইবা মাংসৰ বজাৰৰ পৰাই ক’ৰোনা ভাইৰাছৰ সংক্রমণ ঘটা বিষয়টোত আমেৰিকা নিশ্চিত হৈছে বুলি উল্লেখ কৰি অ’ব্রিয়েনে কয় যে ২০ বছৰত ছার্ছ, এভিয়ান ফ্লু, ছোৱাইন ফ্লুৰ দৰে মহামাৰী চীনৰ পৰাই আহিছে৷ গতিকে ক’ভিড–১৯ও যে চীনৰ পৰা সংক্রমিত হৈছে, তাত মত বিৰোধ নাই বুলি উল্লেখ কৰে অ’ব্রিয়েনে৷ অৱশ্যে পঞ্চমটো মহামাৰীৰ বিষয়ে কোনো ধৰণৰ কথা উল্লেখ নকৰিলে মার্কিন ৰাষ্ট্রীয় নিৰাপত্তা উপদেষ্টাগৰাকীয়ে ৷