নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পত্নীৰ চিকিৎসাৰ বাবে গৈ দিল্লীত মৃত্যু বোকাখাতৰ অজিত শইকীয়াৰ

নিয়মীয়া বার্তা, ১৭ মেঃ ন’ভেল ক’ৰোনা ভাইৰাছত আক্রান্ত অসমৰ এগৰাকী লোকৰ শনিবাৰে দিল্লীত মৃত্যু হয়৷ মৃত লোকগৰাকীৰ নাম অজিত শইকীয়া৷ উল্লেখ্য যে যোৱা মাহত গোলাঘাট জিলাৰ বোকাখাতৰ অজিত শইকীয়াই কর্কট ৰোগত আক্রান্ত পত্নী বন্তি শইকীয়াৰ চিকিৎসাৰ বাবে দিল্লীলৈ গৈছিল৷ লগত গৈছিল তেওঁলোকৰ সম্বন্ধীয় ভতিজাক কংকণজ্যোতি বৰা৷ কিন্তু দিল্লীৰ ৰাজীৱা গান্ধী ছুপাৰ স্পেচিয়েলিটী হাস্পতালত চিকিৎসা চলি থকাৰ সময়তে তিনিওগৰাকী ক’ৰোনা ভাইৰাছত আক্রান্ত হয়৷ পৰৱর্তী সময়ত চিকিৎসাৰ বাবে তিনিওজনকে ভর্তি কৰোৱা হয় এল এন জে পি হাস্পতালত৷

কিছুদিনৰ পাছত বন্তি শইকীয়া আৰু কংকণজ্যোতি বৰা ক’ভিড–১৯মুক্ত হয় যদিও অজিত শইকীয়াৰ স্বাস্থ্য পৰীক্ষাৰ ফলাফল পজিটিভ হৈ ৰয়৷ যাৰ বাবে বন্তি শইকীয়া আৰু কংকণক চিকিৎসালয়ৰ পৰা যাবলৈ দিয়া হয় যদিও অজিত শইকীয়া চিকিৎসাধীন হৈ থাকে৷ শনিবাৰে নিশা চিকিৎসকে অজিত শইকীয়াক মৃত ঘোষণা কৰে৷

সম্প্রতি তেওঁৰ পত্নী আৰু ভতিজাক দিল্লীৰ এখন হোটেলত বাহৰ পাতি আছে৷ তেওঁলোকক এতিয়াও দিল্লী চৰকাৰে আনুষ্ঠানিকভাৱে এই খবৰ জনোৱা নাই৷ ইপিনে, বোকাখাত নিৱাসী অজিত শইকীয়া আৰু বন্তি শইকীয়াৰ সৈতে দিল্লীলৈ গৈছিল তেওঁলোকৰ সম্পর্কীয় ভতিজাক কংকণজ্যোতি বৰা৷ একেটা চুবুৰিৰে বন্তি শইকীয়া কর্কট ৰোগত আক্রান্ত হোৱা বাবেই তেওঁলোকক সহায় কৰিবলৈ লগত গৈছিল কংকণ৷ কিন্তু দিল্লীত বন্তি শইকীয়াক কর্কট ৰোগৰ চিকিৎসা কৰি থকাৰ সময়তে তিনিওজন ক’ৰোনাত আক্রান্ত হয়৷ তাতেই উক্ত চিকিৎসালয়খনত প্রায় ১৫ টা দিন চিকিৎসাধীন হৈ থকাৰ পাছত ১৪ মে’ত বন্তি শইকীয়া আৰু কংকণজ্যোতি বৰাক ক’ৰোনামুক্ত বুলি চিকিৎসকে ঘোষণা কৰি চিকিৎসালয়খনৰ পৰা যাবলৈ দিয়ে৷

সম্প্রতি দিল্লীৰ এখন হোটেলত বাহৰ পাতি থকা কংকণে ৰাজ্যবাসীক ক’ৰোনা ৰোগ সন্দর্ভত কালি এটা ভিডি’ বার্তা প্রেৰণ কৰিছিল৷ কংকণজ্যোতিয়ে ভিডি’টোত প্রকাশ কৰা মতে, তেওঁ চিকিৎসালয়খনত কেৱল জ্বৰৰ বাবে পেৰাচিটামল খায়েই সুস্থ হ’বলৈ সক্ষম হৈছিল৷ কংকণে জানিবলৈ দিছিল যে তেওঁ কেৱল মাস্ক আৰু চিকিৎসকৰ নীতি–নিয়মসমূহ মানি চলিয়েই এই মহামাৰীৰ পৰা অনায়াসে মুক্তি লাভ কৰিবলৈ সক্ষম হ’ল৷ অৱশ্যে তেওঁ লগতে উল্লেখ কৰিছিল যে ব্যক্তিবিশেষৰ বয়সভেদে ৰোগ প্রতিৰোধী ক্ষমতাও এইক্ষেত্রত অতিকে প্রয়োজনীয়৷ প্রবল মানসিক শক্তি অটুট ৰাখি কেৱল পেৰাচিটামল খায়েই এই ৰোগৰ পৰা মুক্তি লাভ কৰা কংকণে ভিডি’ বার্তাটোত অসমৰ যিসকল লোক এই ক’ৰোনা ৰোগত ইতিমধ্যে আক্রান্ত হৈছে, সেইসকল লোকক অলপো আতংকিত নহ’বলৈ আহ্বান জনোৱাৰ লগতে অত্যন্ত সাৱধানতাৰে সকলোকে মাস্ক পৰিধান কৰাৰ উপৰি সঘন ছেনিটাইজাৰ ব্যৱহাৰ কৰাৰ সমান্তৰালভাৱে চিকিৎসকৰ সকলো ধৰণৰ পৰামর্শ মানি চলিবলৈ আহ্বান জনাইছিল৷ কংকনৰেই ভিডি’ বার্তা প্রকাশৰ পাছদিনাই দুর্ভাগ্যজনকভাৱে খুড়াক অজিত শইকীয়াৰ মৃত্যু হয়৷

You might also like