নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্রাম্পে ভাৰতক দিব ২০০টা ভেণ্টিলেটৰ

নিয়মীয়া বাৰ্তা, ১৭ মেঃ ন’ভেল ক’ৰোনা ভাইৰাছৰ মোকাবিলাৰ বাবে হাইড্রস্কিক্ল’ৰ’কুইন টেবলেট পঠিয়াই আমেৰিকাক সহায় কৰিছিল ভাৰতে৷ সেই সহায়ৰ প্রতিদান স্বৰূপে এইবাৰ ভাৰতক সহযোগিতাৰ বাবে হাত আগবঢ়ালে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ তেওঁ ঘোষণা কৰিছে যে ক’ৰোনাৰ বিৰুদ্ধে যুদ্ধ চলাবলৈ ভাৰতক ভেণ্টিলেটৰৰ সাহায্য আগবঢ়াব আমেৰিকাই৷

শনিবাৰে টুইটযোগে ট্রাম্পে কয়,‘মহামাৰীৰ বিৰুদ্ধে যুদ্ধৰ সময়ত ভাৰত আৰু প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সৈতে আমি আছো৷’ মোদীক এজন ভাল বন্ধু বুলিও তেওঁ সম্বোধন কৰে৷ সংবাদ সূত্র মতে, ভাৰতক ২০০টা ভেণ্টিলেটৰ যোগান ধৰিব আমেৰিকাই৷ এই ভেণ্টিলেটৰকেইটাৰ মূল্য হ’ব ২.৬ মিলিয়ন ডলাৰ৷ ভাৰতীয় টকাৰ হিচাপত ১৯২ নিযুত৷ ট্রাম্পে আৰু কয়, ‘কেৱল ভেণ্টিলেটৰ পঠোৱাই নহয়, দুই দেশৰ সহযোগিতাৰে প্রতিষেধক প্রস্তুতিৰ কাম–কাজো আৰম্ভ কৰা হৈছে৷’

তেওঁ এইক্ষেত্রত ইন্দো–মার্কিন গৱেষক আৰু বিজ্ঞানীসকলক প্রশংসাও কৰে৷

ইফালে মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ এই সিদ্ধান্তৰ পাছত ভাৰতৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ট্রাম্পক প্রশংসা কৰিছে৷ তেওঁ কয় যে এই সিদ্ধান্তই ভাৰত–আমেৰিকাৰ বন্ধুত্বত অধিক শক্তি যোগাব৷ ‘ড’নাল্ড ট্রাম্পক ধন্যবাদ৷ এনে কঠিন সময়ত দেশসমূহৰ বাবে ক’ৰোনা ভাইৰাছৰ বিৰুদ্ধে একেলগে যুঁজ দিয়াটো অত্যন্ত গুৰুত্বপূর্ণ৷ দেশসমূহে একেলগে কাম কৰিলেহে আমাৰ পৃথিৱীখন শক্তিশালী হ’ব আৰু ক’ভিড–১৯ৰ পৰা মুক্তিলাভ কৰিম৷’ টুইটযোগে প্রধানমন্ত্রী মোদীয়ে কয় এইদৰে৷ উল্লেখ্য যে ভাৰতে আমেৰিকাকে ধৰি অন্যান্য ক’ৰোনা আক্রান্ত দেশসমূহলৈ ৫০ কোটি হাইড্রক্সিক্ল’ৰ’কুইন টেবলেট প্রেৰণ কৰিছিল৷ এই সাহায্যত মার্কিন ৰাষ্ট্রপতিজনে ব্যক্তিগতভাৱে মোদীক ধন্যবাদ জনাইছিল৷

You might also like