নিঃশব্দে চাৰিটা বছৰ সম্পূর্ণ কৰিলে সোণোৱাল চৰকাৰে
নিয়মীয়া বাৰ্তা, ২৫ মেঃ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্যৰ বিজেপি মিত্রজোঁটৰ চৰকাৰখনে চাৰি বছৰ সম্পূর্ণ কৰিলে৷ ২০১৬ চনৰ দিনটোতে খানাপাৰাৰ অসম পশুপালন আৰু পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰত লক্ষাধিক জনতাৰ উপস্থিতিত এক ঐতিহাসিক ক্ষণত৷ সোণোৱাল চৰকাৰে শপতগ্রহণ কৰিছিল৷ চাৰিটা বছৰ সফলতাৰে ৰাজ্য শাসন কৰি সোণোৱাল চৰকাৰে আজি পঞ্চম বছৰত ভৰি দিয়ে যদিও ক’ভিড–১৯ৰ সংক্রমণ ৰোধৰ বাবে সমগ্র দেশজুৰি বাহাল থকা লকডাউনৰ পৰিপ্রেক্ষিতত কোনো অনুষ্ঠানৰ আয়োজন কৰা নহ’ল৷
চৰকাৰখনৰ চতুর্থ বর্ষপূর্তি উপলক্ষে মুখ্যমন্ত্রী সোণোৱালে টুইটাৰত কয় যে অসমৰ ৰাইজৰ আশীর্বাদ, বিশ্বাস আৰু নিৰৱচ্ছিন্ন সহযোগিতাৰে ভাৰতীয় জনতা পার্টী নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনে আজি চাৰিটা বছৰ সম্পূর্ণ কৰিলে৷ অনাগত এবছৰ সফলতাৰে সম্পূর্ণ কৰাৰ ক্ষেত্রতো ৰাইজৰ পৰা তেওঁ একেই ধৰণৰ সহায়–সহযোগিতা কামনা কৰে৷ ৰাজ্যখনৰ প্রতিগৰাকী লোকেই যাতে সুস্থ, সবল আৰু নিৰোগী হৈ থাকে, তাৰ বাবে চৰকাৰখনে সন্মিলিত প্রচেষ্টাৰে অহর্নিশে কাম কৰি যাব বুলি মুখ্যমন্ত্রী সোণোৱালে ঘোষণা কৰে৷
বিগত চাৰিটা বছৰত অসমৰ সর্বস্তৰীয় উন্নয়নৰ লক্ষ্যৰে চৰকাৰখনে যথাসম্ভৱ সকলো প্রচেষ্টাই গ্রহণ কৰিব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী সোণোৱালে এই সময়ছোৱাত জনসাধাৰণে আকুণ্ঠভাৱে আগবঢ়োৱা সহযোগিতাৰ বাবে সকলোৰে প্রতি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে৷ সাম্প্রতিক প্রতিকূল সময়ত আগবঢ়োৱা সহযোগিতাৰ বাবে মুখ্যমন্ত্রী সোণোৱালে সংবাদ মাধ্যমৰো বিশেষ শলাগ লয়৷ ইপিনে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত কুমাৰ দাসে মুখ্যমন্ত্রী সোণোৱাল নেতৃত্বাধীন মিত্রজোঁটৰ অসম চৰকাৰে চাৰি বছৰ সম্পূর্ণ কৰাৰ এই ঐতিহাসিক মুহূর্তত ৰাজ্যৰ জনতা জনার্দনলৈ আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে৷
তেওঁ লগতে মুখ্যমন্ত্রী সোণোৱাল, নেডাৰ আহ্বায়ক ড০ হিমন্ত বিশ্ব শর্মা, মিত্রজোঁটৰ নেতৃবর্গ তথা মন্ত্রী–বিধায়ক–কার্য্ আন্তৰিক অভিনন্দন জ্ঞাপন কৰে৷ ইফালে বিজেপি মিত্রজোঁটৰ চৰকাৰখনে নির্বাচনৰ সময়ত দিয়া প্রতিশ্রুতি পালনত ব্যর্থ হোৱাৰ অভিযোগ কৰি বিৰোধী দলপতি দেৱব্রত শইকীয়াই চৰকাৰক শ্বেতপত্র প্রকাশৰ দাবী জনায়৷ এক বিবৃতিত বিৰোধী দলপতি শইকীয়াই কয় যে জাতি–মাটি–ভেটিৰ কথা কৈ বিজেপিয়ে ‘কা’ প্রণয়ন কৰি ২০১৪ চনৰ ডিচেম্বৰলৈ অহা বিদেশীক ৰঙা দলিচা পাৰি দিলে৷ ছয় মাহৰ ভিতৰত ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ প্রতিশ্রুতি আজিও ভিছন ডকুমেণ্টতে সোমাই থাকিল৷ ব্রহ্মপুত্রৰ গৰাখহনীয়া ৰোধ কৰিবলৈ ব্রহ্মপুত্র খননৰ প্রতিশ্রুতি প্রতিশ্রুতি হৈয়েই থাকিল৷
চাহ শ্রমিকৰ দৈনিক মজুৰি ৩৫০ টকালৈ বৃদ্ধিৰ প্রতিশ্রুতি আজিও পূৰণ নহ’ল৷ প্রতিশ্রুতি অনুসৰি জাগীৰোড আৰু কাছাৰ কাগজ কল পুনৰ উৎপাদনক্ষম কৰিব নোৱাৰিলে৷ ২৫ লাখ নিবনুৱাক সংস্থাপন দিয়াৰ প্রতিশ্রুতি দিয়া চৰকাৰখনে মাত্র এক লাখ নিবনুৱাকহে সংস্থাপন দিলে৷ তদুপৰি চৰকাৰখনে এখন শুদ্ধ এন আৰ চি প্রকাশ কৰিব নোৱাৰিলে বুলিও মন্তব্য কৰে শইকীয়াই৷