নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চীনৰ আইনৰ বিৰোধ বিশ্বৰ ২০০ নেতাৰ

নিয়মীয়া বাৰ্তা, ২৫ মেঃ ক’ভিড–১৯য়ে সৃষ্টি কৰা সংকটৰ মাজতে হংকঙৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছে৷ চীনে হংকঙত ৰাষ্ট্রদ্রোহ, বিচ্ছিন্নতাবাদ আদি সম্পূর্ণ উৎখাত কৰিবলৈ এক নতুন আইন গৃহীত কৰাৰ তৎপৰতা চলোৱাৰ লগে লগে প্রতিবাদত উত্তাল হৈছে এছিয়াৰ সমৃদ্ধিশালী চহৰখন৷ গণতন্ত্রৰ সপক্ষত বিভিন্ন প্রতিবাদী শ্লোগানেৰে হংকঙৰ ৰাজপথ উত্তাল কৰা হাজাৰ হাজাৰ লোকৰ ওপৰত আজি আৰক্ষী তথা নিৰাপত্তা বাহিনীয়ে কন্দুৱা গেছ নিক্ষেপ কৰে৷ কেইবাহাজাৰো প্রতিবাদকাৰীয়ে চহৰখনৰ মাজভাগত উপস্থিত হৈ বেইজিঙৰ দমনমূলক আইনৰ বিৰোধিতা কৰাৰ লগে লগে পুনৰ বিশ্ববাসীৰ নজৰ নিবদ্ধ হয় হংকঙৰ ওপৰত৷

স্মর্তব্য যে ইয়াৰ পূর্বে বিশ্বৰ ২০০গৰাকী জ্যেষ্ঠ ৰাজনীতিকে চীনৰ এনে কঠোৰ আইন হংকঙৰ ওপৰত জাপি দিয়া উচিত নহয় বুলি সমস্বৰে ঘোষণা কৰে৷ এই ২০০ ৰাজনীতিকে এক উমৈহতীয়া বিবৃতিত বেইজিঙৰ নতুন আইন প্রণয়নৰ সিদ্ধান্তৰ বিষয়টোক ক্ষুৰধাৰ সমালোচনা কৰি কয় যে এনে কঠোৰ আইনে চহৰখনত স্ব–শাসনৰ ওপৰত সর্বাত্মক আতিশয্য আনি দিয়ে৷ ইয়াৰ উপৰি আইনৰ শাসন তথা মৌলিক স্বাধীনতা বুলি হংকংবাসীৰ একো নাথাকিব বুলিও বিবৃতিটোত উল্লেখ কৰা হৈছে৷ মুঠ ২৩খন দেশৰ ২০০গৰাকী ৰাজনীতিকে হংকঙৰ ওপৰত চীনৰ এই দমনমূলক আইন প্রয়োগৰ সিদ্ধান্তক কঠোৰ সমালোচনা কৰিছে যদিও এইক্ষেত্রত নির্বিকাৰ বেইজিং৷ স্মর্তব্য যে চীনৰ আইনৰ বিৰোধ কৰা বিশ্বৰ ৰাজনীতিকসকলৰ ভিতৰত আছে আমেৰিকাৰ পাঁচগৰাকী ছিনেটৰ আৰু ইউৰোপ, ভাৰত, ইণ্ডোনেছিয়া, মালয়েছিয়া, ম্যানমাৰ, নিউজিলেণ্ড, কানাডা, অষ্ট্রেলিয়া আদি কেইবাখনো দেশৰ জ্যেষ্ঠ ৰাজনীতিক৷ অৱশ্যে চীনে হংকঙৰ ওপৰত নতুন আইন প্রয়োগৰ বিষয়টোক দেশখনৰ ৰাষ্ট্রীয় নিৰাপত্তাৰ বিষয় বুলি ঘোষণা কৰিছে৷

You might also like