নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

নিউজ ৰীডাৰৰ দায়িত্ব দিলে ৩–ডি কৃত্রিম মেধা ঝিনক

নিয়মীয়া বাৰ্তা, ২৫ মেঃ প্রযুক্তিৰ ক্ষেত্রখনত বিশেষ সফলতা লাভ কৰিবলৈ সক্ষম হোৱা চীনত এতিয়া কৃত্রিম মেধা বা ‘আর্টিফিচিয়েল ইণ্টেলিজেঞ্চ’ (এআই)বোৰেই হৈ পৰিছে নিউজ ৰীডাৰ, ঘোষক আদি৷ শেহতীয়াকৈ দেশখনৰ সংবাদ সংস্থা জিনহুৱাই ইয়াৰ ভার্ছুৱেল প্রেজেণ্টাৰ হিচাপে দায়িত্ব অর্পণ কৰিছে এক ৩ডি এআইক৷ এই ৩ডি কৃত্রিম মেধাৰ নাম হৈছে ‘ঝিন ঝিয়াওৱেই’৷ উল্লেখনীয় যে এই ৩ডি নিউজ এংকৰক নির্মাণ কৰি উলিয়াইছে সংবাদ সংস্থা জিনহুৱা আৰু ছ’গু নামৰ সংস্থাটোৱে৷ ছ’গু হৈছে ৱেব ছার্চৰ ক্ষেত্রত চীনৰ বিশেষজ্ঞ প্রযুক্তি সংস্থা৷ এই ৩ডি নিউজ এংকৰে মানুহৰ কণ্ঠস্বৰত বিভিন্ন বিষয় ঘোষণা কৰিব৷ বিভিন্ন বিষয়ৰ ওপৰত জনসাধাৰণক দিব তথ্য৷ আনকি কৃত্রিম মেধা এই নিউজ এংকৰে নিজৰ চেহেৰাৰ প্রকাশ ঘটাব মানুহৰ দৰে৷ বাতৰি পৰিৱেশন কৰাৰ সময়ত ঝিনে দুই ওঁঠ লৰচৰ কৰাৰ উপৰি কৃত্রিম চকুৰ চেলাউৰিৰেও বিভিন্ন ভংগিমা প্রদর্শন কৰিব৷ উল্লেখনীয় যে পূর্বৰে পৰা লিপিবদ্ধ বিভিন্ন সংবাদ নিজ কণ্ঠস্বৰৰে পৰিৱেশন কৰাৰ ক্ষেত্রত ঝিনক বিশেষভাৱে প্রস্তুত কৰিছে প্রযুক্তি সংস্থা ছ’গুৱে৷ ছ’গুৰ তথ্য অনুসৰি জিনহুৱাৰ এগৰাকী ৰিপ’টাৰ ঝাও ৱানৱেইক আদর্শ হিচাপে লৈ ঝিনক প্রস্তুত কৰা হৈছে৷ উল্লেখনীয় যে সংবাদ সংস্থা জিনহুৱাৰ এগৰাকী বুদ্ধিদ্দীপ্ত সাংবাদিক হৈছে ঝাও ৱানৱেই৷ ডেইলী মেইলৰ প্রতিবেদন অনুসৰি ইয়াৰ পূর্বে জিনহুৱাই চাৰিটাকৈ ২জি ডিজিটেল নিউজ ৰীডাৰ সংবাদ পৰিৱেশনৰ কাৰণে ব্যৱহাৰ কৰিছে৷ শেহতীয়াকৈ ৩ডি ডিজিটেল নিউজ ৰীডাৰক সংস্থাটোৱে ইয়াত অন্তর্ভুক্ত কৰি প্রযুক্তিৰ ক্ষেত্রখনত এক নতুন নজিৰ গঢ়িবলৈ সক্ষম হৈছে৷

You might also like