নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহানগৰীৰ গণেশগুৰিৰ A2Z প্রতিষ্ঠান ছীল

নিয়মীয়া বাৰ্তা, ২৫ মেঃ লকডাউনৰ মাজতে মহানগৰীত অবৈধ ৰে’লৱে ই–টিকটৰ বেহা চলিছে৷ একাংশ অসাধু ব্যৱসায়ীয়ে ৰে’লৱে ই–টিকট বিক্রী কৰি গ্রাহকক প্রৱঞ্চনা কৰাৰ এক ভয়ংকৰ তথ্য পোহৰলৈ আহিছে৷ মহানগৰীৰ গণেশগুৰিত আৰ পি এফ আৰু অপৰাধ অনুসন্ধান শাখাৰ অভিযানত এক তথ্য পোহৰলৈ আহিছে৷ প্রাপ্ত তথ্য অনুসৰি গণেশগুৰিৰ আৰ জি বি ৰোডত থকা এ টু জেড এজেন্সীৰ গৰাকীয়ে অবৈধভাৱে ই–টিকটৰ বেহা চলাই আছিল৷ এই তথ্য লাভ কৰাৰ পাছত আৰ পি এফৰ অনুসন্ধান শাখাই অভিযান চলাই ব্যৱসায়িক প্রতিষ্ঠানখন ছীল কৰাৰ লগতে ব্যৱসায়ীজনক গ্রেপ্তাৰ কৰে৷ ধৃত ব্যৱসায়ীজন চানমাৰিৰ ভাস্কৰ নগৰৰ অজয় কুমাৰ শ্বাহ (৩৬) বুলি জানিব পৰা গৈছে৷

অভিযানকাৰী দলটোৱে প্রতিষ্ঠানখনৰ পৰা প্রায় ১ লাখ ৬৪ হাজাৰ টকা মূল্যৰ ৪৫টা ই–টিকট জব্দ কৰে৷ তদুপৰি অভিযানকাৰী দলটোৱে এ টু জেড প্রতিষ্ঠানটোৰ পৰা বহু নথিপত্র জব্দ কৰিবলৈ সক্ষম হয়৷ এই সন্দর্ভত ৰে’ল আৰক্ষীয়ে নিউ গুৱাহাটী আৰ পি এফত ৰে’লৱে আইনৰ ১৪৩ ধাৰাত ৫৫/২০ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে৷ উল্লেখ্য যে মহানগৰীত লকডাউনৰ সময়ছোৱাত বহু ব্যৱাসীয়ে অবৈধভাৱে ই–টিকট বিক্রী কৰি লাখ লাখ টকা হৰলুকী কৰাৰ লগতে ৰে’ল কর্তৃপক্ষক প্রতাৰণা কৰি আহিছে৷ ঘটনা সন্দর্ভত তদন্তৰ পাছত আৰু অধিক তথ্য পোহৰলৈ অহাৰ সম্ভাৱনা আছে বুলি ৰে’ল আৰক্ষী সূত্রই সদৰী কৰে৷ আৰ পি এফে মহানগৰীত অভিযান চলাই কেইবাগৰাকী অবৈধভাৱে ই–টিকট বিক্রী কৰা ব্যৱসায়ীক গ্রেপ্তাৰ কৰাৰ লগতে কেইবাটাও এজেন্সী ছীল কৰিছিল

You might also like