নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মূৰত কঠাল পৰি ভৰ্তি হ’ল হাস্পতালত, ৰিপ’ৰ্ট আহিল ক’ৰোনা পজিটিভ

নিয়মীয়া বাৰ্তা, ২৫ মেঃ কেৰালাৰ কান্নোৰৰ কাচৰগোডত ক’ৰোনা সংক্ৰমণৰ এক আচৰিত ধৰণৰ ঘটনা পোহৰলৈ আহিছে । য’ত এজন লোকৰ মূৰত কঠাল পৰি যোৱাৰ বাবে আঘাতপ্ৰাপ্ত হয় । আৰু তেওঁক পাছত হাস্পতালত ভৰ্তি কৰোৱা হয় । কিন্তু হাস্পতালত তেওঁৰ বিভিন্ন পৰীক্ষা- নিৰীক্ষাৰ অন্তত ক’ভিড-১৯ পজিটিভ পোৱা যায় ।
তথ্য অনুসৰি, লোকজনে গছৰ পৰা কঠাল পৰাৰ চেষ্টা কৰিছিল । কিন্তু সেই সময়তে এটা কঠাল লোকজনৰ শিৰত আহি পৰাত অচেতন হৈ পৰে । লগতে এই দুৰ্ঘটনাত লোকজনৰ ৰাজহাড়ত আঘাত পায় । পাছলৈ লোকজনৰ ৰাজহাড়ৰ অস্ত্ৰোপ্ৰচাৰৰ বাবে হাস্পতালত ভৰ্তি কৰোৱা হয় ।
কিন্তু হাস্পতালত বিভিন্ন ধৰণৰ পৰীক্ষা-নিৰীক্ষাৰ লগতে ক’ভিড-১৯ ৰো টেষ্ট কৰোৱাত লোকজনৰ দেহত ক’ভিড-১৯ পজিটিভ বুলি ৰিপ’ৰ্টত ধৰা পৰে ।
ইপিনে হাস্পতাল কৰ্তৃপক্ষই জনোৱা মতে, লোকজনক তেওঁলোকৰ হাস্পতালত ভৰ্তি কৰোৱাৰ পাছৰে পৰা ক’ৰোনা ভাইৰাছৰ লক্ষণ দেখা পোৱা গৈছিল । লগতে আক্ৰান্ত লোকজনৰ কোনো ট্ৰেভেল হিষ্ট্ৰী নথকাৰ লগতে তেওঁ কোনো ক’ৰোনাত আক্ৰান্ত লোকৰ সংস্পৰ্শলৈও অহা নাছিল ।
উল্লেখ্য যে, কেৰালাৰ কান্নোৰৰ কাচৰগোড নিবাসী এই লোকজন পেচাত এগৰাকী অ’টো চালক । ইয়াৰ পৰা অনুমান কৰিব পাৰি যে, তেওঁ দৈনিক অ’টো চলোৱাৰ সময়তে কোনো আক্ৰান্ত লোকৰ সংস্পৰ্শলৈ আহিছিল ! লগতে তেওঁ যেতিয়া অস্ত্ৰোপ্ৰচাৰৰ বাবে জিলা হাস্পতালত ভৰ্তি হৈছিল, তেতিয়াও কোনো আক্ৰান্ত লোকৰ সংস্পৰ্শলৈ আহিব পাৰে ! অৱশ্যে এই কথা স্পষ্টকৈ প্ৰকাশ কৰিব নোৱাৰি বুলি জিলা হাস্পতালখনৰ কৰ্তৃপক্ষই সংবাদ মাধ্যমক জনায় ।
আনহাতে, লোকজনৰ শৰীৰত ক’ভিড-১৯ পজিটিভ পোৱাৰ পাছতে বৰ্তমান লোকজনৰ পৰিয়ালৰ আন লোকসকলকো কোৱাৰেণ্টাইনত ৰখা হৈছে ।
You might also like