ক’ৰোনাৰ বাবে বিশ্বৰ অৰণ্যতো চলিছে আঘাত
নিয়মীয়া বাৰ্তা, ২৬ মেঃ ক’ৰোনা ভাইৰাছ মহামাৰী বা ক’ভিড–১৯ৰ সংক্রমণে অকল মানৱ জাতি তথা অন্যান্য প্রাণীলৈ ভাবুকি কঢ়িয়াই অনা নাই৷ এই মহামাৰী প্রকৃতিৰ বাবেও হৈ পৰিছে প্রত্যাহ্বান৷ বিভিন্ন মহলে দাবী কৰিছিল যে ক’ৰোনা ভাইৰাছ প্রতিৰোধী লকডাউনৰ বাবে অৰণ্যৰ ওপৰত মানুহৰ কাম–কাজ হ্রাস পাব৷ ইয়াৰ ফলত প্রকৃতিয়ে এক আঘাতৰ পৰা ৰক্ষা পৰিব বুলি বহু বিজ্ঞানীয়ে ধাৰণা কৰিছিল৷ কিন্তু এই ধাৰণাক ভুল বুলি প্রমাণিত কৰি শেহতীয়াকৈ বিশ্ব অর্থনৈতিক ফ’ৰাম (ডব্লিউইএফ) আৰু সংবাদ সংস্থা থ’মছন ৰয়টার্ছে যুগুতাই উলিয়াইছে এক প্রতিবেদন৷ এই প্রতিবেদনত উল্লেখ কৰা হৈছে যে ক’ভিড–১৯ৰ লকডাউনে বিশ্বৰ অৰণ্য অঞ্চললৈও কঢ়িয়াই আনিছে বিপর্যয়৷ প্রতিবেদনত উল্লেখ পোৱা অনুসৰি লকডাউনৰ ফলত কাম হেৰুওৱা লোকসকলে সহজতে পোৱা অৰণ্য অঞ্চলৰ গছ কাটি ইয়াক ইন্ধন হিচাপে বজাৰত বিক্রী কৰিছে৷ এক প্রতিবেদন অনুসৰি বিশ্বজুৰি এশ কোটি লোক বন্য খাদ্যৰ ওপৰত নির্ভৰশীল আৰু ২৪০ কোটি লোকে খৰি ৰন্ধনত ব্যৱহাৰ কৰে৷ আটাইতকৈ দাৰিদ্র্য অৱস্থাত বাস কৰা প্রতি ১০জন লোকৰ ৯জনেই অৰণ্যক ভিত্তি হিচাপে লৈ জীৱন–জীৱিকা চলাবলগীয়া হয়৷ গতিকে বিভিন্ন মহামাৰী বা বিপর্যয়ৰ সময়ত বিশ্বৰ দাৰিদ্র্যপীড়িত লোকসকলৰ প্রত্যক্ষ আঘাত আহি পৰে অৰণ্যৰ ওপৰত৷ ক’ভিড–১৯ৰ ফলতো বিশ্বজুৰি অৰণ্য ধ্বংস অভিযান তীব্রতৰ হৈছে৷ অনুৰূপ প্রতিবেদন প্রকাশ কৰিছে ৰাষ্ট্রসংঘৰ খাদ্য আৰু কৃষি সংস্থাই৷