নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

গোলাপী বল ব্যৱহাৰৰ পোষকতা ষ্টার্কৰ

নিয়মীয়া বার্তা, ২৭মেঃ গোলাপী বলক বিশেষভাৱে পছন্দ নকৰা অষ্ট্রেলিয়া ক্রিকেট দলটোৰ তাৰকা পেচ বলাৰ মিছেল ষ্টার্কে আগন্তুক ভাৰত আৰু অষ্ট্রেলিয়াৰ মাজৰ টেষ্ট শৃংখলাটোত এই বল ব্যৱহাৰ কৰাৰ পোষকতা কৰিছে৷ দুয়ো দেশৰ মাজত হ’বলগীয়া দিবা–নৈশ টেষ্টত গোলাপী বল ব্যৱহাৰৰ পোষকতা কৰি মিছেল ষ্টার্কে কয় যে উক্ত শৃংখলাটোত যদি এই বলটো ব্যৱহাৰ হয়, তেতিয়া হ’লে কিছু পৰিমাণে আনন্দ লাগিব৷ এই বলৰ ব্যৱহাৰে টেষ্টখন অধিক আকর্ষণীয় কৰি তুলিব৷ বল ব্যৱহাৰৰ ক্ষেত্রত থু আৰু ঘাম ব্যৱহাৰৰ সন্দর্ভত সোধা এক প্রশ্ণোত্তৰত ৩০ বছৰীয়া পেচ বলাৰগৰাকীয়ে কয় যে এইক্ষেত্রত আইচিচিয়ে লোৱা সিদ্ধান্তৰ পিছত বেটছমেনসকল অধিক লাভদায়ক হ’ব৷ যদি থু আৰু ঘাম ব্যৱহাৰত আইচিচিয়ে নিষেধাজ্ঞা আৰোপ কৰে, তেতিয়া হ’লে ইয়াৰ বিকল্প আইচিচিয়ে বিচাৰি উলিয়াব লাগিব আৰু বলৰ উজ্জ্বলতা যাতে বলাৰসকলে আনিব পাৰে, সেইক্ষেত্রত আইচিচিয়ে অগ্রাধিকাৰ দিব লাগিব বুলি অষ্ট্রেলিয়া দলটোৰ তাৰকা পেচ বলাৰগৰাকীয়ে মন্তব্য কৰে৷ উল্লেখ্য যে টি–২০, এদিনীয়া আৰু টেষ্ট শৃংখলাত অংশগ্রহণ কৰাৰ উদ্দেশ্যে বিৰাট কোহলি নেতৃত্বাধীন ভাৰতীয় দলটোৱে অক্টোবৰত অষ্ট্রেলিয়া ভ্রমণ কৰাৰ সম্ভাৱনা আছে৷ উক্ত ভ্রমণকালত ভাৰতীয় দলটোৱে অষ্ট্রেলিয়াৰে চাৰিখন টেষ্ট মেচ খেলিব যদিও সম্প্রতি মহামাৰী ক’ৰোনা ভাইৰাছৰ ভয়াৱহতাৰ বাবে উক্ত শৃংখলাটো আয়োজনক লৈ অনিশ্চয়তা আহি পৰিছে৷

You might also like