প্রয়াত বলবীৰ সিঙক ভাৰতৰত্ন বঁটা দিয়াৰ দাবী হকী খেলুৱৈৰ
নিয়মীয়া বার্তা, ২৭মেঃ সদ্যপ্রয়াত কিংবদন্তি হকী খেলুৱৈ বলবীৰ সিং ছিনিয়ৰক মৰণোত্তৰভাৱে ভাৰতৰত্ন বঁটা দিয়াৰ বাবে দাবী উত্থাপন কৰিছে ভাৰতীয় হকী খেলুৱৈয়ে৷ মন কৰিবলগীয়া যে ৯৫ বছৰ বয়সত প্রাক্তন অলিম্পিয়ান বলবীৰ সিং ছিনিয়ৰে দেওবাৰে ম’হালিত শেষ নিশ্বাস ত্যাগ কৰে৷ কিংবদন্তি খেলুৱৈগৰাকীৰ মৃত্যুৰ পিছতে তেওঁক মৰণোত্তৰভাৱে ভাৰতৰত্ন বঁটা প্রদান কৰিব লাগে বুলি দাবী উত্থাপন কৰি ১৯৭৫ চনৰ বিশ্বকাপ জয়ী ভাৰতীয় দলটোৰ অধিনায়ক অজিত পল সিঙে কয় যে ধ্যানচান্দৰ লগতে বলবীৰ সিং ছিনিয়ৰকো মৰণোত্তৰভাৱে ভাৰতৰত্ন দিয়া উচিত৷ কিয়নো এই দুয়োগৰাকী খেলুৱৈয়ে ভাৰতীয় হকীক বিশ্বত প্রতিষ্ঠা কৰাত গুৰুত্বপূর্ণ ভূমিকা লৈছিল৷ ইফালে, ধ্যানচান্দৰ পুত্র অশোক কুমাৰৰ লগতে ভাৰতীয় দলটোৰ প্রাক্তন অধিনায়ক দিলীপ তির্কীয়েও বলবীৰ সিং ছিনিয়ৰক মৰণোত্তৰভাৱে ভাৰতৰত্ন প্রদানৰ বাবে দাবী উত্থাপন কৰিছে৷