জাতীয় সংগঠনৰ নেতাৰ সন্মতিত টোলগেট
নিয়মীয়া বাৰ্তা, ২৭ মেঃ অসমৰ মাজেৰে যোৱা ৰাষ্ট্রীয় ঘাইপথত স্থাপন কৰা ইখনৰ পিছত সিখন টোলগেটে জলাকলা খুৱাইছে ৰাজ্যবাসীক৷ বিশেষকৈ ৰাজ্যখনৰ কৃষক আৰু ক্ষুদ্র ব্যৱসায়ীসকলে টোলগেটসমূহত উচ্চ নিৰিখৰ মাচুল আদায় দিবলগীয়া হোৱাত ত্রাহি–মধুসূদন সুঁৱৰিবলগীয়া হৈছে৷ তাৰ মাজতে শেহতীয়াকৈ মহানগৰীৰ সমীপৱর্তী সোণাপুৰৰ নাজিৰাখাটত স্থাপন কৰা টোলগেটতো গাড়ীৰ পৰা কৰ জাতীয় সংগঠনৰ নেতাৰ সন্মতিত টোলগেট সংগ্রহ আৰম্ভ কৰা হৈছে৷ গুৰুত্বপূর্ণ কথাটো হ’ল অসমৰ সর্বসাধাৰণ ৰাইজ, কৃষক, ব্যৱসায়ীৰ স্বার্থক সম্পূর্ণৰূপে আওকাণ কৰি সোণাপুৰত টোলগেট স্থাপনত সহযোগ কৰিছিল অসমৰ কেইবাটাও জাতীয়, জনগোষ্ঠীয় আৰু জনজাতীয় সংগঠনে, য’ত সদৌ অসম ছাত্র সন্থাৰ প্রতিনিধিও অন্তর্ভুক্ত হৈ আছিল৷ এই তথ্য ৰাজহুৱা হৈ পৰাত সমগ্র ৰাজ্যত তীব্র প্রতিক্রিয়াৰ সৃষ্টি হৈছে৷
উল্লেখ্য যে সোণাপুৰত টোলগেট স্থাপনৰ স্থান নির্ধাৰণৰ বাবে কামৰূপ মহানগৰ জিলা দণ্ডাধীশে এখন ১২জনীয়া সমিতি গঠন কৰিছিল৷ সোণাপুৰৰ ৰাজহ চক্র বিষয়াক মুৰব্বী হিচাপে লৈ গঠন কৰা সমিতিখনত সদৌ অসম ছাত্র সন্থা, আক্রাছু, আটছা, আমৰি কার্বি ছাত্র সন্থা, সংগ্রামী যুৱ মঞ্চ আৰু ট্রাইবেল সংঘৰ একোজনকৈ প্রতিনিধিও সদস্য হিচাপে অন্তর্ভুক্ত কৰা হৈছিল৷ সমিতিখনৰ আন সদস্যসকল আছিল অতিৰিক্ত উপায়ুক্ত, সহকাৰী আৰক্ষী আয়ুক্ত, জিলা পৰিষদৰ প্রতিনিধি, ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণৰ প্রতিনিধি আৰু টোলগেটৰ দায়িত্বপ্রাপ্ত প্রতিষ্ঠান স্কাইলার্কৰ এজন প্রতিনিধি৷ যোৱা ২১ ফেব্রুৱাৰীত গঠন কৰা সমিতিখনে টোলগেটৰ স্থান পৰিদর্শন কৰি ২৭ ফেব্রুৱাৰীত প্রতিবেদন দাখিল কৰে৷ ইয়াৰ পিছতে টোলগেট নির্মাণৰ কাম সম্পূর্ণ কৰি স্কাইলার্কে সোণাপুৰত টোলটেক্স সংগ্রহৰ কাম আৰম্ভ কৰে৷ লক্ষণীয়ভাৱে টোলগেট স্থাপনত সন্মতি দিয়াই নহয়, সহযোগিতাও কৰা জাতীয়– জনগোষ্ঠীয় সংগঠনৰ সদস্যকেইগৰাকী আছিল সদৌ অসম ছাত্র সন্থাৰ দিব্যজ্যোতি মেধি, আক্রাছুৰ সোণ বৰা, আটছাৰ ৰাজু গোৰাইট, আমৰি কার্বিৰ ৰমেন কাঠাৰ, সংগ্রামী যুৱ মঞ্চৰ আখতাৰ হুছেইন আৰু ট্রাইবেল সংঘৰ ধীৰেন সিং৷ এইকেইজন ৰাইজৰ নেতাৰ সহযোগিতাতেই এতিয়া ৰাষ্ট্রীয় ঘাইপথেৰে উজনি বা মধ্য অসমৰ পৰা গুৱাহাটী অভিমুখে অহা প্রতিখন গাড়ীয়ে অতি উচ্চ হাৰৰ কৰ সোণাপুৰৰ টোলগেটত আদায় দিবলগীয়া হৈছে৷ ইয়াৰ বাবে মূলতঃ প্রত্যক্ষ ক্ষতিৰ সন্মুখীন হৈছে কৃষক তথা ক্ষুদ্র ব্যৱসায়ীসকল৷ কিয়নো লকডাউনৰ মাজত ৰাজ্যৰ কৃষক আৰু ক্ষুদ্র–মধ্যমীয়া উদ্যোগীসকল এতিয়া পোনপটীয়াকৈ বজাৰলৈ নিজৰ উৎপাদিত সামগ্রী কঢ়িয়াই আনিছে৷ কিন্তু প্রতিদিনে টোলগেটত অহা–যোৱাৰ বাবদ মাচুল আদায় দিবলগীয়া হোৱাত আহুকালৰ সন্মুখীন হৈছে কৃষক–উদ্যোগীসকল৷ সীতাজখলা দুগ্ধ প্রতিষ্ঠানৰ ৰঞ্জীৱ শর্মাই আজি টোলটেক্স সন্দর্ভত প্রতিক্রিয়া প্রকাশ কৰি কয় যে তেওঁলোকৰ প্রতিষ্ঠানৰ সামগ্রী কঢ়িওৱা চাৰি–পাঁচখন গাড়ীয়ে এতিয়া প্রতিদিনে ২–৩ হাজাৰ টকাকৈ টোলটেক্স দিবলগীয়া হয়৷ যিটো থলুৱা প্রতিষ্ঠান এটাৰ বাবে লোকচানৰ বিষয়৷ কেৱল সীতাজখলাই নহয়, সকলো কৃষক–উদ্যোগীয়ে এতিয়া অনুৰূপ সমস্যাৰ সন্মুখীন হৈছে৷ সেয়ে কৃষকসকলক টোলটেক্সৰ পৰা ৰেহাই দিবলৈ চৰকাৰৰ প্রতি অনুৰোধ জনাইছে ৰঞ্জীৱ শর্মাই৷ শেহতীয়াকৈ ক’ৰোনা ভাইৰাছৰ সংক্রমণ প্রতিৰোধৰ বাবে বলৱৎ কৰা লকডাউনৰ ফলত খাটিখোৱা লোকসকলৰ জীৱন জীৱিকা সংকটাপন্ন হৈ পৰিছে৷ তাৰ মাজত ৰাষ্ট্রীয় ঘাইপথত স্থাপন কৰা ইখনৰ পাছত সিখন টোলগেটে এতিয়া সর্বসাধাৰণ ৰাইজৰ মূৰত বাৰুকৈয়ে মাধমাৰ শোধাইছে৷ ইফালে, টোলগেট স্থাপনত জাতীয় সংগঠনৰ নেতাই সহযোগ কৰা কার্যই সংগঠনসমূহৰ ভূমিকাক লৈও প্রশ্ণ উত্থাপন কৰিছে৷