সোণাৰি চাপৰিত চাৰিকড়িয়া নদীৰ প্ৰবল খহনীয়া সোণাৰি চাপৰি বৰ্ষামুখ পথলৈ ভাবুকি
নিয়মীয়া বাৰ্তা ২৭ মেঃ ঢকুৱাখনা মহকুমাৰ প্ৰধান নদী চাৰিকড়িয়া কৃষিজীৱি ৰাইজৰ বাবে আৰ্শীবাদ স্বৰূপ হলেও নদী পৰীয়া ৰাইজৰ বাবে অভিশাপ স্বৰূপ ৷ ধেমাজী জিলাৰ পৰা একা বেকা পথেৰে কোৱাল সুতে বৈ অহা নদীখনে ঢকুৱাখনাৰ ভিন্ন প্ৰান্তৰ লগতে সোণাৰি চাপৰি কেকুঁৰি অঞ্চলতো সৃষ্টি কৰি আহিছে খহনীয়াৰ ভয়ঙ্কৰ তাণ্ডব লীলা ৷ নদী খনে গতি কৰা একা বেকা পথত সোণাৰি চাপৰি অঞ্চলত স্ষ্টি কৰা প্ৰৱল খহনীয়াত সোণাৰি চাপৰি বৰ্ষামূখ পথটোৰ সাপেখাটি অংশত নিঃশেষ হোৱাৰ উপক্ৰম হোৱাৰ লগতে মাধোৱা অংশতো সৃষ্টি কৰিছে ভয়ংকৰ খহনীয়া ৷ একা বেকা গতিৰে বৈ যোৱা নদীখনে সাপেখাটি আৰু মাধোৱা অংশত ইংৰাজী। বৰ্ণমালাৰ ২১ নং আখৰৰ ৰূপ লোৱাত উক্ত দুই অংশতেই নদীৰ খহনীয়াই কালৰূপ ধাৰণ কৰিছে ৷ আনহাতে মা ধোৱা অংশত নদীৰ খহনীয়া ৰোধৰ বাবে ১ কোটি ১৯ লাখ টকাৰ ব্যয় সাপেক্ষে খহনীয়া প্ৰতিৰোধৰ কাম আাৰম্ভ কৰে যদিও লকডাউন আৰু বাৰিষা অহাত কোটি টকীয়া আচঁনি ৰূপায়ণতো ব্যাহত হয় ৷ ইয়াৰ বিপৰীতে সাগৰীয় ঘুণীবতাহ আমফানৰ প্ৰভাবত যোৱা কেইবাদিনো ধৰি হৈ থকা নেৰানেপেৰা বৰষুণৰ ফলত ফেনেফুটুকাৰে বাঢ়ি অহা চাৰিকড়িয়া নদীৰ প্ৰলয়ঙকৰী সুতে পথটোৰ উক্ত দুয়ো অংশতে ভয়াবহ ৰূপ ধাৰণ কৰাত যিকোনো মুহুততে সোণাৰি চাপৰি বৰ্ষাা মুখ পথৰ যাতায়ত ব্যৱস্থা ব্যাহত হোৱাৰ আশংকা প্ৰকাশ কৰি সময় থাকোতেই ইয়াৰ এক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে অঞ্চলৰ সৰ্বসাধাৰণ ৰাইজৰ লগতে সচেতন মহলে ৷