নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ZOOM APP ত পিতৃ-মাতৃৰ আৰ্শীবাদ লৈ আৰম্ভ কৰিলে যুগ্ম জীৱন, ডাকযোগে পঠালে মংগলসূত্ৰ

নিয়মীয়া বাৰ্তা, ২৭ মে’: ক’ৰোনা প্ৰতিৰোধৰ বাবে সমগ্ৰ দেশজুৰি চলি আছে লকডাউন । অৱশ্যে পূৰ্বতকৈ লকডাউন ৪.০ ত কিছু শিথিলতা দিয়া হৈছে যদিও ক’ৰোনাৰ সংহাৰ দৈনিক বৃদ্ধিহে পাবলৈ ধৰিছে ।

দেশজুৰি চলি থকা লকডাউনৰ বাবে বিয়াৰ দৰে বৃহৎ অনুষ্ঠানৰ আয়োজনত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে । এনে সময়তে কিন্তু কেৰালাৰ বিংগেশ কেয়ম আৰু অঞ্জলি ৰঞ্জীথৰ নামৰ প্ৰেমিক যুগলে লকডাউনৰ মাজতে সকলো নিয়ম নীতিৰে বিবাহপাশত আবদ্ধ হয় ।

আশ্চৰ্যকৰ কথা এয়ে যে, তেওঁলোকে নিজৰ বিবাহ অনুষ্ঠানত কোনো লোকৰ বাহ্যিক উপস্থিতিৰ বিপৰীতে অনলাইন ‘জুম এপ’ৰ জৰিয়তেহে সম্পন্ন কৰে ।

উল্লেখ্য যে মাক-দেউতাকৰ লগতে দুয়োটা পৰিয়ালৰ সদস্যসকলক ‘জুম এপ’ৰ জৰিয়তে সংযোগ ঘটাই তেওঁলোক দুয়োৱে জীৱনৰ দ্বিতীয় ইনিংছৰ পাতনি মেলে ।

এই বিশেষ অনলাইনৰ বিবাহখন দৰা বিংগেশৰ ফ্লেটত অনুষ্ঠিত হয় আৰু তাৰ ৰুমমেট বিবাহৰ সময়ত বন্ধুয়ে দুয়োৰে হৈ পিতৃ-মাতৃৰ দায়িত্ব পালন কৰে ।

আনহাতে, কেৰালাৰ পৰা দুয়োৰে পিতৃ-মাতৃয়ে ‘জুম এপ’ৰ জৰিয়তেই গোটেই বিয়াখন চায় । দৰা বিংগেশৰ পিতৃ-মাতৃয়ে কইনা অঞ্জলিৰ বাবে মংগলসূত্ৰ আৰু প্ৰয়োজনীয় সকলো কাপোৰ স্পীড প’ষ্টৰ মাধ্যমেৰে পঠাইছিল ।

দৰা বিংগেশে মনৰ কথা প্ৰকাশ কৰি কয়- “সুভাগ্যক্ৰমে সকলো থিকে থাকে হৈ গ’ল । ইণ্টাৰনেট আৰু টেকন’লজিয়ে দূৰত থকা আমাৰ পৰিয়ালৰ সকলোকে আমাৰ বিয়াত একত্ৰিত কৰিলে । সঁচাকৈ এই অনুভৱ কেতিয়াও পাহৰিব নোৱোৰা ।”

You might also like