দেৱালয়ৰ পুৰোহিতক মাহেকীয়া ভাট্টা দিয়াৰ আহ্বান
নিয়মীয়া বাৰ্তা, ২৮ মেঃ লকডাউনৰ সমছোৱাত গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ সকলো প্রাচীন দৌল–দেৱালয়সমূহ কেইবাদিন ধৰি বন্ধ থকাৰ বাবে পুৰোহিত আৰু দেৱালয়সমূহৰ কর্মচাৰীসকল ব্যাপক আর্থিক সংকটৰ সন্মুখীন হৈছে৷ সদৌ অসম দেৱালয় সংঘৰ সভাপতি সুৰেশ চন্দ্র ভট্টাচার্য আৰু প্রধান সম্পাদক কৈলাস শর্মাই এই কথা জনোৱাৰ লগতে পুৰোহিতসকলক সকাহ দিয়াৰ বাবে বিহিত ব্যৱস্থা গ্রহণ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনাইছে৷ পুৰোহিতসকলক এপ্রিলৰ পৰা তিনি মাহৰ বাবে মাহেকীয়া ভাট্টা দিয়াৰ লগতে নির্দিষ্ট নীতি–নিয়মৰ মাজত দেৱালয়সমূহ দর্শনার্থীৰ বাবে খুলি দিয়াৰ বাবে ব্যৱস্থা গ্রহণ কৰিবলৈ মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালক আহ্বান জনাইছে৷ উল্লেখ্য যে ক’ৰোনা ভাইৰাছৰ সংক্রমণ ৰোধৰ প্রতি লক্ষ্য ৰাখি চৰকাৰী ধর্মীয় অনুষ্ঠান–প্রতিষ্ঠান বন্ধ ৰখাৰ বাবে আহ্বান জনাইছিল৷