নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কোকৰাঝাৰ চেণ্ড্রেল ইনষ্টিটিউট অৱ টেকন’লজীয়ে ব্যৱহাৰ কৰিব নোৱাৰিব ‘বিশ্ববিদ্যালয়’ শব্দ

নিয়মীয়া বাৰ্তা, ২৮ মেঃ দেশৰ ১২৭খন শিক্ষানুষ্ঠান সন্দর্ভত এক গুৰুত্বপূর্ণ নির্দেশনা জাৰি কৰিছে বিশ্ববিদ্যালয় অনুদান আয়োগে৷ এই নির্দেশনা অনুসৰি ভাৰতৰ ১২৭খনকৈ উচ্চ শিক্ষাৰ প্রতিষ্ঠানে এতিয়াৰে পৰা ‘বিশ্ববিদ্যালয়’ হিচাপে পৰিচয় দিব নোৱাৰিব৷ এই শিক্ষানুষ্ঠানসমূহৰ পৰিচয় হ’ব ‘ডীমড্ টু বি ইউনিভার্ছিটী’ হিচাপেহে৷ গুৰুত্বপূর্ণ কথাটো হ’ল অসমৰ এখন শিক্ষানুষ্ঠানৰ ক্ষেত্রতো ইউ জি চিৰ এই নির্দেশনা প্রযোজ্য হ’ব৷ কোকৰাঝাৰ জিলাৰ বালাগাঁৱত থকা ‘চেণ্টেল ইনষ্টিটিউট অৱ টেকন’লজী’ নামৰ শিক্ষানুষ্ঠানখনে বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা ২০১৮ চনৰ ডিচেম্বৰ মাহত ‘ডীমড্ ইউনিভার্ছিটী’ৰ মর্যাদা লাভ কৰিছিল৷ কিন্তু শিক্ষানুষ্ঠানখনৰ বিষয়ে বিভিন্ন মাধ্যমত ‘বিশ্ববিদ্যালয়’ হিচাপেহে পৰিচয় দাঙি ধৰা হয়৷ কেৱল কোকৰাঝাৰেই নহয়, দেশৰ আন শতাধিক নামজ্বলা প্রতিষ্ঠানেও ‘ডীমড ইউনিভার্ছিটী’ৰ মর্যাদা লাভ কৰাৰ পাছতে পূর্ণাংগ ইউনিভার্ছিটী হিচাপে চিনাকি দিবলৈ আৰম্ভ কৰে৷ ইয়াৰ ভিতৰত কেৰালাৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ স্পেচ ছায়েন্স এণ্ড টেকন’লজী, কর্ণাটকৰ ইণ্ডিয়ান ইনষ্টিটিউট অৱ ছায়েন্স, দিল্লীৰ ইণ্ডিয়ান এগ্রিকালচাৰ ৰিছার্চ ইনষ্টিটিউট আদিও আছে৷ অৰুণাচল প্রদেশত থকা নর্থ–ইষ্টার্ন ৰিজি’নেল ইনষ্টিটিউট অৱ ছায়েন্স এণ্ড টেকন’লজীয়েও বিশ্ববিদ্যালয় হিচাপে পৰিচয় দিয়াৰ তথ্য বিশ্ববিদ্যালয় অনুদান আয়োগৰ দৃষ্টিগোচৰ হয়৷ তাৰ পাছতে আজি বিশ্ববিদ্যালয় অনুদান আয়োগে জাৰি কৰা এক গুৰুত্বপূর্ণ নির্দেশনাত কয় যে বিভিন্ন ডীমড্ ইউনিভার্ছিটীৰ মর্যাদাপ্রাপ্ত শিক্ষানুষ্ঠানে ‘বিশ্ববিদ্যালয়’ হিচাপে পৰিচয় দিয়াটো ইউ জি চিৰ দৃষ্টিগোচৰ হৈছে৷ যিটো ইউ জি চি আইনৰ ২৩নং ধাৰাৰ বিৰোধী৷ গতিকে আজিৰ পৰা এমাহৰ ভিতৰত এই শিক্ষানুষ্ঠানসমূহে নিজৰ নামৰ পৰা ‘বিশ্ববিদ্যালয়’ শব্দটো আঁতৰাব লাগিব৷ অন্যথা আইন অনুসৰি বিহিত ব্যৱস্থা গ্রহণ কৰা হ’ব৷

You might also like