নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দেশত ১ জুনৰ পৰা পুনৰ দুসপ্তাহলৈ বৃদ্ধি হ’ব পাৰে লকডাউন

নিয়মীয়া বাৰ্তা,৩০ মেঃ প্রাণঘাতী ক’ভিড–১৯ বা ক’ৰোনা ভাইৰাছ মহামাৰীৰ সংক্রমণে দেশজুৰি দ্রুত ৰূপ ধাৰণ কৰাৰ সময়তে এই ভাইৰাছবিধৰ সংক্রমণ প্রতিৰোধী লকডাউন পুনৰ বৃদ্ধি কৰা বিষয়টো সন্দর্ভত  প্রধানমন্ত্রী নৰেন্দ্র মোদীৰে গুৰুত্বপূর্ণ আলোচনাত মিলিত হয় গৃহমন্ত্রী অমিত শ্বাহ৷ প্রধানমন্ত্রীৰ ৭ লোক কল্যাণ মার্গস্থিত বাসভৱনত গৃহমন্ত্রীগৰাকী উপস্থিত হৈ বর্তমান ক’ভিড–১৯এ দেশত সৃষ্টি কৰা সংহাৰী পৰিস্থিতি সন্দর্ভত আলোচনা কৰে৷

স্মর্তব্য যে আগন্তুক ৩১ মে’ত চতুর্থ পর্যায়ৰ লকডাউনৰ অন্ত পৰিব৷ চতুর্থ পর্যায়ৰ লকডাউন অন্ত পৰাৰ পাছত পুনৰ দুটা সপ্তাহৰ বাবে লকডাউন বৃদ্ধি কৰিবলৈ ইতিমধ্যে কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্রীয়ে গৃহমন্ত্রী অমিত শ্বাহক অনুৰোধ জনাইছে৷ গতিকে ১ জুনৰ পৰা পুনৰ দুটা সপ্তাহৰ বাবে সমগ্র দেশত ঘোষণা হ’ব পাৰে লকডাউন৷ স্মর্তব্য যে গৃহমন্ত্রী অমিত শ্বাহে মাত্র এদিন পূর্বে ৰাজ্যসমূহৰ মুখ্যমন্ত্রীসকলৰ সৈতে বিষয়টোক লৈ আলোচনা কৰিছিল৷ চতুর্থ পর্যায়ৰ লকডাউনৰ অন্ত পৰিবলৈ মাজত মাত্র এটা দিন বাকী থকা অৱস্থাত ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ গতি তুংগত উঠিছে৷

বিগত ২৪ ঘণ্টাত দেশত অভিলেখসংখ্যক ৭,৪৬৭গৰাকী লোক মাৰাত্মক ভাইৰাছবিধৰ দ্বাৰা সংক্রমিত হৈছে৷ এতিয়ালৈকে দেশত ক’ৰোনাত সংক্রমিত লোকৰ সংখ্যা ১,৬৫,৭৯৯জনলৈ বৃদ্ধি পাইছে৷ এনে পৰিস্থিতিত পঞ্চম পর্যায়ৰ লকডাউন বৃদ্ধি পোৱাটো নিশ্চিত৷ অৱশ্যে পঞ্চম পর্যায়ৰ লকডাউনত বিভিন্ন ধৰণৰ শিথিলতা আনিব পাৰে চৰকাৰে৷ এইক্ষেত্রত প্রধানমন্ত্রী আৰু গৃহমন্ত্রীগৰাকীয়ে কি চিন্তা–চর্চা কৰিছে, সেই সন্দর্ভত তাৎক্ষণিকভাৱে কোনো তথ্য প্রকাশ পোৱা নাই যদিও বিভিন্ন মহলে পঞ্চম পর্যায়ৰ লকডাউনত চতুর্থ পর্যায়তকৈ বহু বেছি শিথিলতা অনা হ’ব পাৰে বুলি ধাৰণা কৰিছে৷ স্মর্তব্য যে কালি গোৱাৰ মুখ্যমন্ত্রী প্রমোদ শ্বাৱন্তে গৃহমন্ত্রী অমিত শ্বাহক ১৫ দিনৰ বাবে লকডাউন বৃদ্ধিৰ অনুৰোধ জনাইছিল৷

লক্ষণীয়ভাৱে কেন্দ্রীয় চৰকাৰে এইক্ষেত্রত কোনোধৰণৰ সিদ্ধান্তৰ কথা ঘোষণা কৰা নাই যদিও পশ্চিমবংগৰ মুখ্যমন্ত্রীয়ে ইতিমধ্যে ৰাজ্যখনত ১ জুনৰ পৰা বিভিন্ন ক্ষেত্রত শিথিলতা অনাৰ ইংগিত দিছে৷ আনকি ৰাজ্যখনত সকলো ধর্মীয় অনুষ্ঠান ১ জুনৰ পৰা পূজা–র্চনাৰ বাবে মুকলি কৰা হ’ব বুলি ঘোষণা কৰিছে মমতা বেনার্জীয়ে৷ ইফালে ৮ জুনৰ পৰা ৰাজ্যখনৰ সকলো ব্যক্তিগত তথা চৰকাৰী খণ্ডৰ কার্যালয় ১০০ শতাংশ কর্মচাৰীৰ উপস্থিতিত চলিব বুলি ঘোষণা কৰিছে মুখ্যমন্ত্রী মমতাই৷ অৱশ্যে সকলো ক্ষেত্রতেই সামাজিক দূৰত্ব বজাই ৰখাৰ পোষকতা কৰিছে মুখ্যমন্ত্রীগৰাকীয়ে৷ পঞ্চম পর্যায়ৰ সম্ভাব্য লকডাউনৰ সময়ত কেন্দ্রীয় চৰকাৰে বিভিন্ন ক্ষেত্রত শিথিলতা আনিব বুলি ইতিমধ্যে বিশ্বস্ত সূত্রই সদৰী কৰিছে৷

পঞ্চম পর্যায়ৰ লকডাউনত বিমানসেৱাৰ ক্ষেত্রত অধিক পথ মুকলি কৰা হ’ব৷ উৰণ সংস্থাসমূহক দেশৰ যিকোনো স্থানতে বিমানসেৱাৰ অনুমতি দিয়াৰ সম্ভাৱনা আছে চৰকাৰৰ৷ লক্ষণীয়ভাৱে কেন্দ্রীয় অসামৰিক উৰণ মন্ত্রী হৰদীপ সিং পুৰীয়ে আগষ্টৰ পূর্বে আন্তর্জাতিক বিমানসেৱা যথেষ্ট সুচল হ’ব বুলি যোৱা সপ্তাহত ইংগিত দিছে৷ সেইদৰে ৰে’ল বিভাগে আগন্তুক ১ জুনৰ পৰা অধিক মেইল তথা এক্সপ্রেছ ৰে’লৰ সেৱা আৰম্ভ কৰিব৷ লকডাউন চলিলেও ৰে’লৰ সেৱা ১ জুনৰ পৰা বৃদ্ধি পাব বুলি ৰে’ল বিভাগে ঘোষণা কৰিছে৷ একে সময়তে আন্তর্জাতিক বাছ আৰু মেট্র’ ৰে’লৰ সেৱাও আৰম্ভ হোৱাৰ সম্ভাৱনা আছে৷ অত্যাৱশ্যকীয় নহ’লেও বিভিন্ন সামগ্রীৰ সকলো দোকান ১ জুনৰ পৰা দেশজুৰি খোলাৰ অনুমতি প্রদান কৰিব পাৰে চৰকাৰে৷

মল, বজাৰ আদিকে ধৰি সকলো বাণিজ্যিক ক্ষেত্র মুকলি হ’ব পাৰে পঞ্চম পর্যায়ৰ লকডাউনত৷ লক্ষণীয়ভাৱে জিম, চলচ্চিত্র প্রেক্ষাগৃহ, ধর্মীয় স্থান আৰু প্রথম পর্যায়ৰ লকডাউনৰ পৰা বন্ধ হৈ থকা চেলুনসমূহ পঞ্চম পর্যায়ৰ লকডাউনত মুকলি হোৱাৰ সম্ভাৱনা আছে৷ ইণ্ডিয়ান এক্সপ্রেছৰ প্রতিবেদন অনুসৰি বিদ্যালয়সমূহ কেতিয়া মুকলি কৰা হ’ব, সেই সন্দর্ভত কেন্দ্রীয় মানৱ সম্পদ উন্নয়ন মন্ত্রালয়ে নির্দেশনা প্রস্তুত কৰি আছে৷ পঞ্চম পর্যায়ৰ লকডাউনতেই নৱমৰ পৰা দ্বাদশ শ্রেণীপর্যন্ত শিক্ষার্থীসকলে বিদ্যালয়ত সামাজিক দূৰত্ব মানি পাঠ গ্রহণৰ সুযোগ লাভ কৰিব পাৰে৷ ইতিমধ্যে কেন্দ্রীয় চৰকাৰে চি বি এছ ইৰ দশম আৰু দ্বাদশ শ্রেণীৰ ব’ড পৰীক্ষা জুলাইৰ প্রথম দুসপ্তাহত অনুষ্ঠিত কৰিবলৈ অনুমতি প্রদান কৰিছে৷

You might also like