নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

দুই মহাকাশচাৰীক লৈ মহাকাশলৈ উৰিল ব্যক্তিগত কোম্পানীৰ ৰকেট

নিয়মীয়া বার্তা, ১ জুনঃ ইতিহাস সৃষ্টি হ’ল মহাকাশ খণ্ডত৷ প্রথমবাৰৰ বাবে মহাকাশ খণ্ডত ব্যক্তিগত কোম্পানীৰ দ্বাৰা দুগৰাকী মহাকাশচাৰীসহ মহাকাশযান প্রেৰণ কৰা হ’ল৷ প্রখ্যাত বিলিয়নাৰ উদ্যোগপতি এল’ন মাস্কৰ ব্যক্তিগত ৰকেট কোম্পানীৰ স্পেচ এক্স ৰকেটত দুগৰাকী মহাকাশচাৰীক মহাকাশলৈ প্রেৰণ কৰাৰ লগে লগেই মহাকাশ খণ্ডত নতুন যুগৰ সূচনা হ’ল৷ শুভাৰম্ভ হ’ল মহাকাশত ব্যক্তিগত কোম্পানীৰ ভ্রমণ যাত্রা৷ আমেৰিকা যুক্তৰাষ্ট্রৰ ফ্ল’ৰিডাস্থিত কেনেডি স্পেচ চেণ্টাৰৰ পৰা কালি স্পেচ এক্স ৰকেট সফল উৎক্ষেপণ কৰা হয়৷ ৯ বছৰৰ মূৰকত আমেৰিকা যুক্তৰাষ্ট্রৰ ভূমিৰ পৰা মহাকাশচাৰীসহ মহাকাশযান উৎক্ষেপণ কৰা হয়৷

ইণ্টাৰনেচনেল স্পেচ ষ্টেচন (আই এছ এছ)গামী মহাকাশযানখনত আছে দুগৰাকী প্রবীণ নাছাৰ মহাকাশচাৰী৷ মহাকাশ যাত্রাত নতুন যুগৰ সূচনাৰে ব্যক্তিগত কোম্পানী স্পেচ এক্সৰ ৰকেটেৰে আই এছ এছলৈ যোৱা দুই মহাকাশচাৰী হৈছে ৰবার্ট বেনকেন আৰু ডাগলাছ হার্লি৷ ফ্ল’ৰিডাৰ কেনেৰি স্পেচ চেণ্টাৰৰ পৰা কালি টু ষ্টেজ ফেলকন–৯ ৰকেটযোগে মহাকাশলৈ যোৱা দুই মহাকাশচাৰীয়ে ১৯ ঘণ্টাৰ যাত্রাৰ অন্তত কক্ষপথত থকা আই এছ এছত প্রৱেশ কৰিলে৷ স্পেচ এক্স ৰকেটেৰে আমেৰিকা যুক্তৰাষ্ট্রৰ পৰা ২০১১ চনৰ পাছত আই এছ এছলৈ যোৱা ৪৯ বছৰীয়া বেনকেন আৰু ৫৩ বছৰীয়া হার্লিয়ে ইতিমধ্যে আই এছ এছত বাহৰ পাতি থকা আমেৰিকাৰে মহাকাশচাৰী খ্রীষ্ট কেছিডিক আৰু ৰাছিয়াৰ মহাকাশচাৰীদ্বয় এনাটলি ইভানিচিন আৰু ইভান ভেগনাৰৰ সৈতে বাহৰ পাতিব৷

শনিবাৰে সফলতাৰে কেনেডি স্পেচ চেণ্টাৰৰ পৰা স্পেচ এক্স ৰকেট উৎক্ষেপণৰ পাছত পৃথিৱীৰ পৰা ৪৫০ কিলোমিটাৰ নিলগত থকা মহাকাশ ষ্টেচনৰ সৈতে সম্পর্কিত হয়৷ বিশ্বৰ মহাকাশ খণ্ডৰ বাবে এক ইতিহাস সৃষ্টিকাৰী অভিযানত অংশ লোৱা দুই মহাকাশচাৰীয়ে ২০০০ চনত নাছাত যোগদান কৰিছিল৷ ইয়াৰ পূর্বে বেনকেন আৰু হার্লি আমেৰিকা যুক্তৰাষ্ট্রৰ সামৰিক বাহিনীৰ পাইলট আছিল৷ উল্লেখ্য যে যোৱা বুধবাৰে এই অভিযান আৰম্ভ কৰাৰ কথা আছিল যদিও বেয়া বতৰৰ বাবে শনিবাৰলৈ পিছুৱাই দিয়া হয়৷ দুই মহাকাশচাৰীসহ ৰকেট উৎক্ষেপণৰ সমগ্র প্রক্রিয়াটো প্রত্যক্ষ কৰে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে৷ এই ৰকেট উৎক্ষেপণ সফল হোৱাৰ পাছতেই ৰাষ্ট্রপতি ট্রাম্পে স্পেচ এক্সৰ প্রতিষ্ঠাতা এল’ন মাস্কক ভূয়সী প্রশংসা কৰে৷

দেওবাৰৰ দিনটো বিশেষ বুলি উল্লেখ কৰি ৰাষ্ট্রপতিগৰাকীয়ে মাস্কৰ সহযোগতেই আমেৰিকাৰ মহাকাশ খণ্ড উজলি উঠিব বুলি কয় ৰাষ্ট্রপতিগৰাকীয়ে৷ প্রসংগক্রমে উনুকিয়াব লাগিব যে ১৯৬৯ চনৰ চন্দ্র অভিযানত মহাকাশচাৰী নীল আমষ্ট্রংসহ এপল’–১১ উৎক্ষেপণ কৰা লঞ্চপেড ৩৯–এৰ পৰাই ব্যক্তিগত কোম্পানীয়ে মহাকাশলৈ যান প্রেৰণ কৰে৷

You might also like